76
ডিজিটেল ডেস্কঃ চিগাৰেটত সুখ টান দি মাতৃৰ গালি খাই পৃথিৱীকে বিদায় জনালে এজন স্কুলীয়া ছাত্ৰই। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ কৃষ্ণনগৰ নামে এখন ঠাইত।
অষ্টম শ্ৰেণীৰ এই ছাত্ৰজনে দীৰ্ঘদিন ধৰি চিগাৰেটৰ প্ৰতি আসক্ত হৈ পৰিছিল। বাৰম্বাৰ গালি-শপনি দিয়াৰ পিছতো কোনো ফল নধৰিলে। শেষত খঙতে মাকে ল’ৰাজনক চুবুৰীয়াসকলৰ সমুখতে পূৰ্ণহতীয়া চৰ শোধায় কটু কথা শুনায়। ইয়াৰ পিছতে নিজৰ কোঠালৈ গৈ এটা দেশী পিষ্টলৰে গুলী চলাই আত্মহত্যা সংঘটিত কৰে ছাত্ৰজনে।