নাৰায়ণপুৰঃ চেঁচা, দ্ৰোপাং, দিহিৰি আৰু পিছলা নৈ ফেনে-ফোটোকাৰে বাঢ়ি অহাত শংকিত হৈ পৰিছে নাৰায়ণপুৰবাসীক। কেইবাদিনো হোৱা মুষলধাৰ বৰষুণৰ ফলত নৈ কেইখনৰ পানী ফেনে-ফোটোকাৰে বাঢ়ি অহাত নদীৰ প্ৰবল সোঁতে ছিন্ন ভিন্ন কৰি তোলে কেইবাটাও অঞ্চলৰ কৃষি বান্ধ, মাথাউৰি, ৰাস্তা-ঘাট।
ফলত বহু লোকৰ ঘৰ-দুৱাৰ পানীত বুৰ গৈছে। বহু হাজাৰ হেক্টৰ কৃষি ভূমি বানত ডুব যোৱাত খেতিয়ক সকলে এতিয়া মূৰে-কপালে হাত দিব লগা পৰিস্থিতিৰ সন্মুখীন হৈছে। বাঢ়নী পানীয়ে অঞ্চলটোৰ ৩০ খনতকৈ অধিক গাঁৱৰ প্ৰায় ১০,০০০ লোকৰ বিস্তৰ ক্ষতি সাধন কৰিছে।