ডিজিটেল ৰিপ’ৰ্টঃ দ্বাদশ কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ পৰিষদীয় নিৰ্বাচনৰ ফলাফল ঘোষণাৰ বাৰ দিনৰ অন্তত আজি ঘোষণা কৰা হয় পৰিষদৰ বহু প্ৰত্যাশিত মুখ্য কাৰ্যবাহীৰ নাম ৷ পাহাৰীয়া জিলা কাৰ্বি আংলংৰ সদৰ ডিফুত আজি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ আগমনৰ লগে লগে মুখ্য কাৰ্যবাহী পদকলৈ চলি থকা সকলো জল্পনা-কল্পনাৰ অন্ত পৰে ৷
ডিফু নগৰস্থিত আৱৰ্ত ভৱনত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ আগমনৰ বিষয়ে জানিব পাৰি বিজেপিৰ শতাধিক নেতা কৰ্মী আৱৰ্ত ভৱনত উপস্থিত হৈ স্বায়ত্ব শাসিত পৰিষদত এজন নিকা নতুন মুখৰ প্ৰাৰ্থীক নিযুক্তি দিয়াৰ দাবীত বেনাৰ ফেষ্টুন লৈ বিভিন্ন শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।