গুৱাহাটীঃ আমি ১৭ জুলাইত মাত্ৰ ২ ঘন্টা প্ৰতিবাদ কৰিম৷ ২ ঘন্টাৰ ভিতৰত ৰাজ্য চৰকাৰে আমাক নিযুক্তি দিয়াৰ লিখিত প্ৰতিশ্ৰুতি নিদিলে পৰৱৰ্তী ১০ মিনিটত এক ভয়ানক পৰিস্থিতিৰ সাক্ষী হ’ব অসম৷ ৰাজ্য চৰকাৰক এই ভাবুকি প্ৰদান কৰিছে বিশেষ অাৰক্ষী বিষয়া কল্যাণ সমিতিৰ সভাপতি দিলীপ শইকীয়াই৷
আজি গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমেল অনুষ্ঠিত কৰি এছ পি অ’সকলক নিযুক্তি দিয়াৰ নামত চৰম প্ৰতাৰণা কৰা ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে দিলীপ শইকীয়া৷ দীৰ্ঘদিন ধৰি প্ৰতিবাদ কৰি অহা এছ পি অ’সকলক প্ৰতিখন ৰাজ্য চৰকাৰে অৱজ্ঞাৰ দৃষ্টিৰে চাই অহাত দিক-বিদিক হেৰুৱাইছে বুলি কয় শইকীয়াই।