দক্ষিণ শালমাৰাঃ চৰকাৰ সলনি হ’ল যদিও পূৰ্বৰ দৰেই আজিও অসমৰ গৰু বাংলাদেশলৈ অবৈধভাৱে চালান অব্যাহত আছে৷ ৰাজ্যৰ দল-সংগঠনে গৰুৰ অবৈধ ব্যৱসায় বন্ধ কৰাৰ দাবী উত্থাপন কৰি আহিছে যদিও সেয়া দাবী হৈয়ে ৰৈছে।
ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে খোদ আছুৰ মুখ্য উপদেষ্টাক লৈ অসম-বাংলাদেশ সীমান্ত পৰিদৰ্শন কৰি অহাৰ পাছতো সীমান্তত অব্যাহত আছে অনৈতিক কাৰ্য্য ৷ আজি দক্ষিণ শালমাৰা জিলাৰ উন্মুক্ত অসম-বাংলাদেশ সীমান্তৰে চোৰাঙকৈ গৰু নি থাকোতে সীমান্তৰ টহলদাৰী বি এছ এফ জোৱানে গৰুসহ দুজন লোকক আটক কৰিবলৈ সক্ষম হয়৷