মোৰাঝাৰঃ শিক্ষা বিভাগৰ নিৰ্দেশ মানি এগৰাকী শিক্ষকে এখন মাদ্ৰাছাত যোগদান কৰিবলৈ অহাত আজি হোজাই জিলাৰ ডবকাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ দুৰ্নীতিত লিপ্ত থকাৰ অভিযোগ উত্থাপন কৰি স্থানীয় লোকে শিক্ষকগৰাকীক কোনো কাৰণতে যোগদান কৰিবলৈ দিয়া নহ’ব বুলি স্পষ্ট কৰি দিয়ে৷
প্ৰাপ্ত বাতৰি মতে, হোজাইৰ ডবকাৰ মাতলাউল উলুম ছিনিয়ৰ মাদ্ৰাছাত এগৰাকী শিক্ষকে আজি দিনৰ ভাগত যোগদান কৰিবলৈ আহে৷ আব্দুৰ ৰৌফ নামৰ শিক্ষকগৰাকীয়ে ফলিহামাৰি ছিনিয়ৰ মাদ্ৰাছাত শিক্ষকতা কৰি আছিল যদিও ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে তেওক ডবকাৰ মাতলাউল উলুম ছিনিয়ৰ মাদ্ৰাছালৈ বদলি কৰে।