58
গোলকগঞ্জঃ এদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ ধুবুৰী জিলাৰ গোলকগঞ্জত উপস্থিত হ’ব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। মুখ্যমন্ত্ৰীগৰাকীয়ে ধুবুৰী জিলাৰ গোলকগঞ্জত উপস্থিত হৈ দুখনকৈ গুৰুত্বপূৰ্ণ আঁচনিৰ শুভাৰম্ভ কৰিব।
জিলা তথ্য আৰু জনসংযোগ বিষয়াই এক বিবৃতিযোগে জনোৱা মতে কাইলৈ দিনৰ ১২ বজাত মুখ্যমন্ত্ৰীগৰাকীয়ে আকাশ মাৰ্গেৰে গোলকগঞ্জৰ চিলাৰায় মেলা ময়দানত উপস্থিত হ’ব৷