হোজাইঃ গুৰু শিষ্যৰ মহৎ সম্পৰ্কক কলুষিত কৰি এগৰাকী অধ্যক্ষই নিজ বিদ্যালয়ৰ নাবালিকা ছাত্ৰীক পলুৱাই নি বিৱাহপাশত আৱদ্ধ হোৱাৰ এক ঘটনা সংঘটিত হৈছে মোৰাঝাৰৰ যমুনাগাঁৱত৷ নিজে ছাত্ৰ-ছাত্ৰীক সজ চৰিত্ৰৰ শিক্ষা দিয়া শিক্ষকগৰাকীৰ এই চৰিত্ৰহীনতা তথা নিৰ্লজ্জ কাণ্ডত সমগ্ৰ হোজাই জিলাত চাঞ্চল্যৰ সৃষ্টি হৈছে৷
অতি আচৰিত কথা এই যে চৰিত্ৰহীন শিক্ষকগৰাকীৰ এগৰাকী পত্নী আৰু দশম শ্ৰেণীত পঢ়ি থকা এগৰাকী কন্যা আছে৷ সেই কন্যাৰে সহপাঠী এইগৰাকী নাবালিকা ছাত্ৰী৷ অধ্যক্ষজনে প্ৰলোভন দি নিজ কন্যাৰ বান্ধৱীক পলুৱাই আনি বিৱাহপাশত আৱদ্ধ হোৱাৰ পিছত মানসিকভাৱে ভাগি পৰি বলিয়াৰ দৰে হৈ পৰিছে কন্যা৷