55
লংকাঃ হোজাই জিলাৰ লংকা আৰক্ষী চকীৰ অন্তৰ্গত লংকা ১ নং ৰেল গেটৰ সমীপত লংকা-লামডিং পথত শনিবাৰে দুপৰীয়া পথ অৱৰোধক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়।
লংকা ৰেল ষ্টেচনৰ পৰা ফ্লাই এছ ক্লিংকাৰ কঢ়িয়াই ডালমিয়া চিমেন্ট উৎপাদন কেন্দ্ৰলৈ নি থকা অৱস্থাত ১৫ খনৰো অধিক ট্ৰাক তথা অন্যান্য সৰু-বৰ বাহন স্থানীয় ৰাইজে আবদ্ধ কৰি ৰখাক লৈ সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ।