কাকপথাৰঃ এজন নহয়, দুজন নহয় পাঁচজনকৈ অসমীয়াৰ গুলীবিদ্ধ নিথৰ দেহ পৰি ৰৈছিল৷ সেইদিনা নিশা গুলীৰ শব্দত যেন অন্ধকাৰ নামি আহিছিল অঞ্চলটোলৈ৷ সেনাবাহিনীয়ে ঘেৰি লৈছিল সমগ্ৰ অঞ্চলটো৷ ১৯৯৪ চনৰ ২২ ফেব্ৰুৱাৰীৰ সেই ভয়াবহ দিনটোক আজিও পাহৰিব পৰা নাই তিনিচুকীয়া জিলাৰ ডাঙৰী তালাপ অঞ্চলৰ ৰাইজে৷
ঘটনা সংঘটিত হোৱাৰ সময়ত কণ কণ হৈ থকা ল’ৰা-ছোৱালীবোৰ এতিয়া ২৩ বছৰীয়া হ’ল৷ জ্যেষ্ঠসকলৰ পৰা সাধু কথাৰ দৰে আজিও ঘোৰ অমানিশা নামি অহা সেই দিনটোৰ কথা শুনি শিয়ৰি উঠে তেওঁলোক ৷