ঢেকীয়াজুলিঃ নিশা তেতিয়া ১১ বাজিছিল৷ নিশাৰ আহাৰ গ্ৰহণ কৰি পৰিয়ালৰ আন আন সদস্য সকল শুই আছিল যদিও এজন সদস্যই টিভি চাই আছিল৷ পদুলিমুখৰ ফালৰ পৰা ধোৱা আৰু পোহৰ আহি থকা প্ৰত্যক্ষ কৰি টিভি ৰুমত থকা সদস্যজনে দুৱাৰ খুলি বাহিৰলৈ আহিব খোজেতেই দেখে যে দুৱাৰ বাহিৰৰ পৰা বন্ধ হৈ আছে৷
বহু চেষ্টা কৰিও দুৱাৰ খুলিব নোৱাৰি পৰিয়ালৰ আন সদস্যসকলক মাত লগালে৷ ঘৰৰ ভিতৰৰ পৰা কোনো লোক ওলাব নোৱাৰি বিপদৰ আশংকা কৰি পৰিয়ালটোৰ লোকসকলে চিঞৰ-বাখৰ কৰিবলৈ আৰম্ভ কৰে৷ চিঞৰ-বাখৰ শুনি ওচৰ-চুবুৰীয়া ওলাই আহি আৰক্ষীক খবৰ দিয়াত পৰিয়ালটো কথমপি ৰক্ষা পৰে৷