মোৰাঝাৰঃ কৃষকৰ নামত আৱন্টিত বীজ চুৰি কৰাক কেন্দ্ৰ কৰি হোজাই জিলাত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।প্ৰাপ্ত বাতৰি মতে, জিলাখনৰ পূৱ বগুৰী গাঁৱৰ চাহাবুদ্দিন নামৰ এজন বিতৰ্কিত ব্যক্তিৰ হাতত হোজাইৰ কৃষি বিভাগে গাঁওখনৰ কাৰণে অন্যান্য সামগ্ৰীৰ লগতে ৪২০ কিঃগ্ৰাঃ ধানৰ বীজ বিতৰণৰ দায়িত্ব অৰ্পন কৰে৷
চাহাবুদ্দিনে অন্যান্য সামগ্ৰীসমূহৰ দুই এপদ কৃষকৰ মাজত বিলাই দিয়ে যদিও ধানৰ বীজখিনি সম্পূৰ্ণৰূপে আত্মসাৎ কৰি নিজৰ ঘৰতে লুকাই থয়৷ দুদিনমান ঘৰতে লুকাই ৰাখি পিছত সেয়া বজাৰত বিক্ৰী কৰি দিয়ে৷