57
জাজৰিঃ বিদ্যালয়লৈ গৈ ছয়মাহিলী পৰীক্ষাও দিলে। অমায়িক, অল্পভাষী, লাজকুৰীয়া শান্ত সমাহিত স্বভাৱৰ ছোৱালী তাই। পৰিয়ালৰ লগতে গাঁৱৰ প্ৰায়বোৰ লোকৰ আৰু বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, সহপাঠীসকলৰো বৰ মৰমৰ তাই।
সকলোৰে আদৰৰ বাবে মাকে তাইক ঘৰৰ সাধৰণ কাম-বনো কৰিবলৈ নিদিয়ে। তথাপিও মাকৰ সৈতে ঠেহপাতি সমানে সমানে ঘৰৰ কাম কৰি ভাল পায়৷ সিহঁতৰ পৰিয়ালটোৱে কেনেবাকৈ দুবেলা দুসাজ খাই জীয়াই আছে৷