নগাঁওঃ নগাঁও জিলাৰ জুৰীয়াত পানীত পৰি এটি ৩ বছৰীয়া শিশুৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। মৃত্যুৰ পূৰ্বেই শিশুটিক চিকিৎসকে মৃত ঘোষণা কৰাৰ অভিযোগ তুলি আত্মীয়ই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।
জানিব পৰা মতে, আজি দিনৰ ৯ বজাত কদমনি পথাৰ গাঁৱৰ মুনচান্দ আলী নামৰ তিনি বছৰীয়া শিশুটিয়ে ঘৰৰে চোতালত থকা পানীৰ ডোঙাত পৰি যায়। শিশুটিক পৰিয়ালৰ লোকে লগে লগে জুৰীয়া বজাৰত থকা জিয়াবুৰ ৰহমানৰ ফাৰ্মাচীলৈ লৈ আহে। ফাৰ্মাচীৰ স্বতাধিকাৰী জিয়াবুৰ ৰহমানে শিশুটোৰ অৱস্থা সংকটজনক বুলি মন্তব্য কৰি চিকিৎসালয়লৈ নিবলৈ পৰামৰ্শ আগবঢ়ায়।