কোকৰাঝাৰঃ পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু জনজাতিকৰণৰ দাবীত ১০ জুলাইত আক্ৰাছু(প্ৰ)য়ে আহ্বান জনোৱা ১২ ঘণ্টীয়া ৰে’লপথ অৱৰোধ কাৰ্যসূচীৰ আগমুহূৰ্তত উত্তৰ-পূৱ সীমান্ত ৰে’লৱেই আগতীয়াকৈ কেবাখনো যাত্ৰীবাহী ৰেলৰ চলাচল বাতিল কৰাক লৈ যাত্ৰীৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
বৰ্তমানলৈকে উত্তৰ পূৱ সীমান্ত ৰে’লৱে কৰ্তৃপক্ষই ৫৫৭৫৩ উজনিমুৱা/৫৫৭৫৪ নামনিমুৱা চিফুং যাত্ৰীৱাহী , ১৫৭৬৯ উজনিমুৱা/১৫৭৭০ নামনিমুৱা আলিপুৰদুৱাৰ লামডিং ইণ্টাৰচিটি এক্সপ্ৰেছ , ১৫৭৭১ উজনিমুৱা/১৫৭৭২ নামনিমুৱা আলিপুৰদুৱাৰ কামাখ্যা ইণ্টাৰচিটি এক্সপ্ৰেছ , ৫৫৭১৩ উজনিমুৱা/৫৫৭১৪ নামনিমুৱা নিউ জলপাইগুৰি ৰঙিয়া নিউ জলপাইগুৰি ৰে’ল কেইখন বাতিল কৰিছে।