গুৱাহাটীঃ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি কৰাৰ দাবীত আজি ৰাজ্যজুৰি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে৷ সংগঠনটোৰ আহ্বানত ৰাজ্যৰ কেইবাখনো জিলাত নেৰানেপেৰা বৰষুণকো নেওচি পুৱাই ৰাইজ ৰাজপথলৈ ওলাই আহি ঘাই পথ অৱৰোধ কৰি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে৷
ৰাজ্যখনৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ দুৰৱস্থাই প্ৰকৃততে বিকাশ, উন্নয়ন আৰু নিকা প্ৰশাসনৰ ঢাক-ঢোল বজাই থকা বিজেপি শাসিত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ফোঁপোলা স্বৰূপটো উদঙাই দিয়া বুলি সংগঠনটোৱে প্ৰতিবাদস্থলীত ক্ষোভ প্ৰকাশ কৰে৷