কোকৰাঝাৰঃ কোকৰাঝাৰস্থিত বডোলেণ্ড বিশ্ববিদ্যালয় চৌহদত আজি বডোলেণ্ড বিশ্ববিদ্যালয় ছাত্ৰ সন্থাই বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ড° হেমন্ত কুমাৰ বৰুৱাৰ বিৰুদ্ধে ধৰ্ণা প্ৰদান কৰে।
বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক ড° শেখৰ ব্ৰহ্ম আৰু কলেজ আৰু বিশ্ববিদ্যালয় উন্নয়ন পৰিষদৰ(চিইউডিচি) সঞ্চালক ড° দীননাথ বসুমতাৰীৰ বিৰুদ্ধে উপাচাৰ্যগৰাকীয়ে পক্ষপাতমুলক ভূমিকা গ্ৰহণ কৰাৰ অভিযোগেৰে আজি বিশ্ববিদ্যালয় ছাত্ৰ গোটৰ উদ্যোগত বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ একাংশই ভিচি হায় হায় , ভিচি গ’ বেক আদি ইত্যাদি শ্লোগানেৰে বিশ্ববিদ্যালয়ৰ পৰিৱেশ উত্তাল কৰি তোলে।