বাঘবৰ/অভয়াপুৰীঃ ৰাজ্যৰ ভিন্ন প্ৰান্তত বানৰ ফলত এই পৰ্যন্ত প্ৰাণ হেৰুৱাইছে ৩০ জনতকৈয়ো অধিক লোকে। বানৰ এনে বিভীষিকাৰ মাজতে আজি নামনি অসমত এটি সাত মহীয়া পানী কেচুৱাসহ দুটি শিশুৰ মৃত্যু হয়৷
প্ৰাপ্ত বাতৰি মতে, বেঁকী নৈৰ বাঢ়নী পানীয়ে তাণ্ডৱ চলোৱা বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বালিকুৰি ননকে গাঁৱত পানীত পৰি এটি শিশুৰ কৰুণ মৃত্যু হয়। হাইশৰ আলী নামৰ লোকজনৰ সাতমহীয়া কেচুৱা দেৱান নুৰ ইঞ্জামুল হাছান নামৰ শিশুটিৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰে।