গুৱাহাটীঃ অসম সমবায় এপেক্স বেংকে কৃষকৰ কঢ়িযাই আনিছে সু খবৰ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গ্ৰাম্য উন্নয়ন যোজনা অাচঁনিলৈ সহাঁৰি জনাই বেংকটোৱে অসমৰ কৃষকক কম সুতত সাধাৰণ নথি পত্ৰৰে দিব ট্ৰেক্টৰ৷
এপেক্স বেংকৰ উপাধ্যক্ষ বিশ্বজিৎ ফুকনে বেংকটোৰ পানবজাৰ শাখাত সোমবাৰে এখন সংবাদমেল অনুষ্ঠিত কৰি কৃষকক সকলৰ বাবে লোৱা আঁচনিৰ কথা ঘোষণা কৰে৷ অাঁচনিৰ অধীনত প্ৰত্যেকখন গাঁৱৰ প্ৰতিটো কৃষক গোটে ৯.৫ সূতৰ হাৰত অাৰু সাধাৰণ নথি-পত্ৰৰ ট্ৰেক্টৰ ক্ৰয়ৰ বাবে ঋণ লব পাৰিব বুলি ফুকনে সংবাদমেলত উল্লেখ কৰে।