গুৱাহাটীঃ জীৱনবোধ, মানৱতা আৰু ভৱিষ্যতৰ জীৱনৰ অন্বেষণৰ ক্ষেত্ৰত সুক্ষ্মদৃষ্টিৰে পৰ্যবেক্ষণ কৰা ড. জগদীন্দ্ৰ ৰায় চৌধুৰীৰ The Setting Sun শীৰ্ষক গল্প সংকলনখন বুধবাৰে উন্মোচন কৰা হয়। ড. দয়ানন্দ পাঠকৰ দ্বাৰা উন্মোচিত ইংৰাজী ভাষাৰ সংকলনটিত মুঠ ১৪ টা গল্প সন্নিবিষ্ট কৰা হৈছে।
গুৱাহাটী প্ৰেছ ক্লাবত দুপৰীয়া ১ বজাত অনুষ্ঠিত উন্মোচনী সভাত সাহিত্য-কলা-সংস্কৃতিৰ লগত জড়িত অজয় দত্ত, নৱ ঠাকুৰীয়া, চন্দ্ৰজিৎ শইকীয়া, বিমান হাজৰিকা, ৰুপম বৰুৱা, ৰনেন কুমাৰ গোস্বামী, দিলীপ শৰ্মা, অনুপ তালুকদাৰ, বিপুল শৰ্মা, নম্ৰতা দত্ত, ভৱেন গোস্বামী, অবিজ্ঞান প্ৰসাদ, অনন্য ভৌমিক উপস্থিত থাকে।