68
লাহৰীঘাটঃ মৰিগাঁও জিলাৰ লাহৰীঘাট ৰাজহ চক্ৰৰ কাঠনিত যোৱা নিশা প্ৰায় ১১ বজাত ব্ৰহ্মপুত্ৰৰ পাৰত নতুনকৈ নিৰ্মাণ কৰা ১৪ কোটিটকীয়া মথাউৰি ছিঙি বিস্তীৰ্ণ অঞ্চল জলমগ্ন হৈ পৰিছে।
ফলত নিমিষতে গৃহহাৰা হৈ পৰে শ শ লোক। গৃহহাৰা হৈ পৰা লোকসকলে সন্তান আৰু পশুধনসহ কোনোমতে নিজক বচাই চৰকাৰী পথত আশ্ৰয় ল’বলৈ বাধ্য হৈ পৰে।