62
চাপৰঃ ৰাজ্যৰ অন্যান্য জিলাৰ লগতে ধুবুৰী জিলাৰো বান পৰিস্থিতি সামান্য উন্নত হোৱাৰ পিছতে আৰম্ভ হৈছে নৈ-উপনৈসমূহৰ খহনীয়াৰ তাণ্ডৱ।
ধুবুৰী জিলাৰ চাপৰ-শালকোছা উন্নয়ন খণ্ডৰ অন্তৰ্গত পুঠিমাৰী অঞ্চলত আৰম্ভ হৈছে মৰা চম্পাৱতী নৈৰ তাণ্ডৱ। নৈখনে ৩১ নং ৰাষ্ট্রীয় ঘাইপথৰ পৰা পুঠিমাৰী সংলগ্ন গড়কাপ্তানী পথৰ দলং এখন উটুৱাই নিয়াৰ উপক্ৰম কৰিছে।