গুৱাহাটীঃ এটি ম্যাদ উকলা কাৰ্বন ফেক্টৰীৰ অতপালিত অতিষ্ঠ হৈ পৰিছে ৰাইজ৷ কাৰ্বন ফেক্টৰীটোৰ প্ৰদূষণৰ ফলত মানুহ ৰুগীয়া হ’বলগীয়া হৈছে৷ এনে পৰিপ্ৰেক্ষিতত তিনিচুকীয়া জিলাৰ বৰগুৰিস্থিত ডিগবৈ কাৰ্বন প্ৰাঃ লিঃ নামৰ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে ক্ষুদ্ধ হৈ পৰিছে ৰাইজ৷
ৰাইজে প্ৰতিষ্ঠানটো অবৈধভাৱে চলাই থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷ আনহাতে সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদে তিনিচুকীয়া জিলাৰ বৰগুৰিস্থিত কাৰ্বন প্ৰাঃ লিঃ নামৰ কোম্পানীটোৰ নথি-পত্ৰৰ ম্যাদ উকলি যোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে৷