গুৱাহাটীঃ শিল নহয় যেন ক’লা হীৰাহে৷ শিল এতিয়া চৰ্চাৰ কেন্দ্ৰ বিন্দু৷ শিলৰ পাছত পৰিছে মন্ত্ৰী, বিধায়ক আমোলা৷ এই কেইদিন জড় পদাৰ্থবিধৰ যেন ভাগ্য হে ঘূৰিছে৷ বাতৰিৰ শিৰোনাম দখল কৰা শিলে দেখুৱাইছে মানুহক চমক৷
ৰাজ্যত শিলৰ কৃত্ৰিম নাটনি এতিয়া সৰৱ চৰ্চাৰ বিষয়৷ ৰাজ্য চৰকাৰৰ প্ৰতিটো বিভাগৰ ঠিকাদাৰক প্ৰয়োজন হয় শিলৰ৷ গড়কাপ্তানি হওক নাইবা জলসিঞ্চন, সকলো ঠিকাদাৰক লাগে শিল৷ ঘৰৰ বাৰান্দাৰ টিনৰ পানী পৰা ঠাইত পাৰি দিয়াৰ পৰা আৰম্ভ কৰি বৰ বৰ আট্টালিকা নিৰ্মাণ কৰিবলৈ প্ৰয়োজন হয় শিলৰ৷