83
গোগামুখঃ ধেমাজি জিলাৰ এগৰাকী মৌজাদাৰে টকা নিদিলে নকৰে কাম৷ মৌজাদাৰ গৰাকীয়ে টকা সুধিবলৈ ভয়-ভিত নকৰে৷ কৃষক, ব্যৱসায়ী, ছাত্ৰ নেতা কোনোৱে টকা নিদিয়াকৈ কাম আদায় কৰিব নোৱাৰে মৌজাদাৰগৰাকীৰ পৰা৷
জিলাখনৰ বৰদলনি মৌজাৰ মৌজাদাৰৰ বিৰুদ্ধে এই অভিযোগ এতিয়া সৰ্বত্ৰে৷ পইছা বিচৰা সন্দৰ্ভত জানিবলৈ গৈ আজি মৌজাদাৰগৰাকীয়ে সাংবাদিকৰ লগতে ছাত্ৰ নেতাক অপদস্থ কৰা ঘটনাই অঞ্চটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।