তিনিচুকীয়াঃ তিনিচুকীয়া জিলাৰ পেঙেৰীৰ খাটাংপানী ৰেঞ্জৰ অধীনস্থ তৰাণি সংৰক্ষিত বনাঞ্চলত বুধবাৰৰ পুৱতি নিশাৰে পৰা প্ৰায় ডেৰ সহস্ৰাধিক লোকে হাতত দা, কুঠাৰ লৈ থিতাপি ল’বলৈ যো-জা চলোৱাত সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।
ঘটনাৰ বিৱৰণী অনুসৰি ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ মাজত অৱস্থিত লাইকা-দধিয়া নামৰ গাওঁদুখনৰ প্ৰায় ১২০০টা পৰিয়ালৰ বৃহৎসংখ্যক লোকে পুৱতি নিশাতে ১২খন বাছেৰে আহি তৰাণি বনাঞ্চলৰ ভিতৰৰ প্ৰায় ডেৰ কিলোমিটাৰ ব্যাসাৰ্ধৰ এলেকা দখল কৰি থিতাপি ল’বলৈ যো-জা চলাইছিল ৷