গুৱাহাটীঃ বিগত প্ৰায় ২৫ দিন ধৰি ৰাজ্যৰ ২৬খন জিলাৰ লোক বানৰ কবলত পৰি ককবকাই থকাৰ পাছতো ৰাজ্য চৰকাৰে পয্যাপ্ত সহায় নকৰাত ৰাজ্যজুৰি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ অসন্তুষ্টি আৰম্ভ হৈছে৷ বানত ক্ষতিগ্ৰস্তক সহায় নকৰাত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে দল সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে৷
ইয়াৰ মাজতে আজি সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যজুৰি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে বিভিন্ন মহকুমা সমিতিয়ে আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি ৰাজ্য উত্তাল কৰি তোলে৷ জাতি, মাটি, ভেটিৰ কথা কৈ ৰাজপাট দখল কৰা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰে বানৰ কবলত পৰি সকলো হেৰাই হাহাকাৰ কৰা লোকসকলক জীয়াই থাকিবলৈ প্ৰয়োজনীয় সামগ্ৰী যোগান নধৰাত এই কাৰ্য্যসূচী ৰূপায়ণ কৰে৷