কামপুৰ/বাহাকাবাৰীঃ পথ দুৰ্ঘটনাক কেন্দ্র কৰি বুধবাৰে কামপুৰ-কঠিয়াতলী সংযোগী পথৰ কঠালগুৰিত এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ উদ্ভৱ হয়। তীব্ৰ বেগী ট্ৰেভেলাৰ এখনে স্কুটীসহ এগৰাকী আৰোহীক মহতিয়াই নিয়াৰ পিছতে উদ্ভৱ হয় এনে পৰিস্থিতিৰ।
প্ৰাপ্ত বাতৰি মতে নগাঁৱৰ পৰা কামপুৰ অভিমুখে তীব্ৰ বেগত আহি থকা এ এছ ০২ এচি ৭৬০৮ নম্বৰৰ এখন ট্ৰেভেলাৰ আৰোহীসহ এখন স্কুটীক মহতিয়াই নিয়ে। এই ঘটনাৰ পিছতে ট্ৰেভেলাৰখনৰ চালকে পলায়নৰ চেষ্টা চলাই যদিও স্থানীয় ৰাইজে কামপুৰ বজাৰত খেদি খেদি কৰায়ত্ত কৰে।