59
বোকাজানঃ ৰাজ্য চৰকাৰে বান সাহায্য দিয়াত ব্যৰ্থ হোৱা বুলি অভিযোগ উত্থাপন হোৱাৰ লগতে ৰাজ্যৰ বানাক্ৰান্তক সহায় কৰিবলৈ ওলাই আহিছে ৰাজ্যৰ দল-সংগঠন স্বেচ্ছাসেৱী অনুষ্ঠান৷
দুৰ্দশাগ্ৰস্থ বানাক্ৰান্ত লোকসকলক কিছু সকাহ দিয়াৰ উদ্দেশ্যে আজি পাহাৰীয়া জিলা কাৰ্বি আংলংৰ বকলীয়াঘাটৰ বে-চৰকাৰী সামাজিক অনুষ্ঠান হে’ল্প ৱেলফেয়াৰ ছ’চাইটিয়ে বোকাখাতত বান সাহায্য বিতৰণ কৰে৷