57
লংকাঃ হোজাই জিলাৰ লামডিং চহৰত মঙলবাৰে নিশা ৫-৬ জনীয়া গাঞ্জাসক্ত যুৱকৰ আক্ৰমণত কিশোৰীসহ দুগৰাকী মহিলা গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হ’বলগীয়া হোৱা ঘটনাই চহৰখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। লামডিঙৰ শংকৰপল্লীত যোৱা নিশা সংঘটিত হয় এই আক্ৰমণৰ ঘটনা।
ঘটনা সন্দৰ্ভত জানিব পৰা মতে, লামডিং আৰক্ষী থানাৰ অন্তৰ্গত শংকৰপল্লীৰ শিৱ মন্দিৰৰ চৌহদত স্থানীয় ৫-৬ জনীয়া এটি যুৱকৰ দলে নিতৌ গাঞ্জা সেৱন কৰি অশ্লীল গালি-গালাজেৰে পৰিৱেশ বিনষ্ট কৰি আহিছিল।