গুৱাহাটীঃ গুৱাহাটী মহানগৰৰ এটি পথক লৈ বিপদত পৰিছে শ শ লোক৷ বাৰিষাটো দূৰৈৰ কথা খৰালি কালতো পথটোৰে আহ-যাহ কৰিব নোৱাৰে মানুহ৷ এটা ফাল নলাত খহি গৈ পথটো বিলুপ্ত হ’বলৈহে বাকী থকা পৰিলক্ষিত হৈছে৷ ৰাইজে চিমেন্টৰ বস্তাত মাটি ভৰাই পাৰি দি হে ৰক্ষা কৰিছে পথটো৷ পথটোৰ সাধাৰণ দুখন দলং বছৰ বছৰ ধৰি ৰাইজে গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰি আহিছে৷ 

পথটোৰে আহ-যাহ কৰা লোকসকলে খোদ পথটো তথা দলং মেৰামতি কৰি আহ-যাহ কৰিব লগা হয়৷ বছৰ বছৰ ধৰি গাঠিৰ ধন খৰছ কৰি কাঠ কিনি মিস্ত্ৰী লগাই ৰাইজে দলং সাজি আহ-যাহ কৰিব লগা হোৱাৰ পাছতো চৰকাৰ তথা মহানগৰ প্ৰশাসনে গুৰুত্ব আৰোপ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷ এই পথটো আছে মহানগৰীৰ দিছপুৰ বিধানসভা সমষ্টিৰ আনন্দনগৰৰ কৈলাশপুৰত৷ পথটোৰ নাম হৈছে আনন্দনগৰ মছজিদ-জ্যোতিনগৰ পথ৷ 

আনন্দনগৰ মছজিদ-জ্যোতিনগৰ পথটোৰে নিতৌ প্ৰায় ৭০০ পৰিয়ালৰ লোকে আহ-যাহ কৰে৷ মাথো তিনি ফুট বহল পথটোৰে ৰাইজে বাইক-গাড়ী চলাব নোৱাৰে৷ একাংশ পৰিয়ালৰ বাইক-চাৰিচকীয়া গাড়ী আছে যদিও মূল পথ আনন্দনগৰ-গণেশনগৰৰ দাতিত ৰাখি থৈ যাব লগা হয়৷ যোৱা ৭ বছৰত স্থানীয় লোকসকলে বিধায়ক, মন্ত্ৰী, জিএমচি, জিএমডিৰ কাৰ্যালয়লৈ গৈ চেন্দেলৰ ফিটা ক্ষয় খেদোৱা সত্বেও আজিলৈ পথটো নিৰ্মাণ কৰাত গুৰুত্ব আৰোপ নকৰিলে বিধায়ক, মন্ত্ৰী, জিএমচি, জিএমডিয়ে৷ 

ৰাইজে পথটো আহল-বহল কৰি গাড়ী-মটৰ চলাচলৰ উপযোগী কৰি তুলিবলৈ দাবী জনায় ক্ষোভ ব্যক্ত কৰে৷ যোৱা বিধানসভা নিৰ্বাচনৰ সময়ত বিজেপি প্ৰাৰ্থী অতুল বৰাই কৈলাশপুৰত উপস্থিত হৈ পথটো তথা দলং দুখন নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল৷ কিন্তু বিধায়ক হোৱাৰ ১৬ মাহ পাৰ হোৱাৰ পাছতো বহুবল্কী বিধায়ক অতুল বৰাই আজিলৈ কৈলাশপুৰত উপস্থিত হোৱা নাই বুলি ৰাইজে অভিযোগ কৰে৷ 

আনহাতে বিধানসভা নিৰ্বাচনত কৈলাশপুৰত বিজেপি নেতা-কৰ্মীয়ে বেনাৰ পতাকাৰে ব্যাপক প্ৰচাৰ চলাইছিল৷ পথটোৰ দলং দুখন বিজেপিৰ বেনাৰ-পতাকাৰে কাঠ-বাঁহ বান্ধি দলং মেৰামতি কৰা পৰিলক্ষিত হৈছে৷ এনে কাৰণতে সৰ্বদিশত উন্নয়নৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি শাসনৰ ভাৰ দখল কৰা মিত্ৰজোঁটৰ চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে কৈলাশপুৰৰ ৰাইজ৷ ক্ষোভিত ৰাইজে পূৰ্বৰ কংগ্ৰেছ চৰকাৰখনৰ সৈতে এইখন চৰকাৰৰো কোনো পাৰ্থক্য নাই বুলিও মন্তব্য কৰিছে।