অভয়াপুৰীঃ জীৱন যুঁজৰ অক্লান্ত যোদ্ধা লক্ষ্মী নামৰ তেৰ বছৰ বয়সীয়া এটি শিশু। দহ ফুট উচ্চতাত এডাল ৰচীৰ ওপৰত এবাৰ খোজ কাঢ়িছে, এবাৰ চাইকেলৰ ৰিং এটাৰ ওপৰত উঠি ৰচিৰ ওপৰতেই বগাইছে। কেতিয়াবা মূৰত কেইবাটাও মাটিৰ কলহ লৈ নাচোনৰ বিভিন্ন অংগী-ভংগী দেখুৱাইছে। জীৱন যুঁজৰ এয়া এক বাস্তৱ ছবি।
পখিলা খেদি ফুৰাৰ বয়সতে ছত্তিশগড় বিৰাজপুৰৰ লক্ষ্মী বাঈ নামৰ শিশুটিয়ে নিজ তথা পৰিয়ালৰ ক্ষুধা নিবাৰণৰ বাবেই প্ৰদৰ্শন কৰি আহিবলগীয়া হৈছে এই ভয়াবহ খেল। যিটো সময়ত সমবয়সীয়া অইন শিশু বিদ্যালয়ৰ শিক্ষা গ্ৰহণত ব্যস্ত থাকে সেইখিনি সময়ত লক্ষ্মীয়ে দেশৰ চুকে-কোনে, গাঁৱে-ভূঞে প্ৰদৰ্শন কৰে এই খেল।