পাথৰিঘাটঃ ভাৰতীয় কৃষাণ সংঘ, দৰং জিলা সমিতিৰ উদ্যোগত বুঢ়ীনগৰ গাওঁ পঞ্চায়ত সমিতিৰ সহযোগত শনিবাৰৰ পৰা দুদিনীয়া কাৰ্য্যসূচীৰে পাথৰিঘাটৰ মহলীয়াপাৰা প্ৰাথমিক বিদ্যালয়ত জৈৱিক কৃষিৰ ওপৰত এখনি কৃষি কৰ্মশালা অনুষ্ঠিত হ’ব।
কাৰ্য্যসূচী অনুসৰি প্ৰথম দিনা পুৱা বন্তি প্ৰজ্বলন, পতাকা উত্তোলন, আৰু প্ৰশিক্ষাৰ্থীৰ নাম পঞ্জীয়নৰ পিছতেই উক্ত কৃষি কৰ্মশালা উদ্বোধন কৰিব জিলা কৃষি বিষয়া নীল ডেকাই। কৰ্মশালাখনত সমলব্যক্তি হিচাপে উপস্থিত থাকিব জয়ন্ত মল্লৱ বৰুৱা, ডাঃ ৰমেশ গোস্বামী আৰু ডাঃ জনক চহৰীয়া।