গুৱাহাটীঃ বহিঃৰাজ্যত কৰ্মৰত অসমৰ প্ৰায় ৫ লক্ষ লোকৰ মাজতে শুকু এজন। চেন্নাইত এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত শুকু। ককায়েক ৰতনো তাতেই কৰ্মৰত হৈ আছিল। ছমাহ পূৰ্বে যক্ষ্মা (টিবি) ৰোগত আক্ৰান্ত হৈ ৰতন উভটি আহিল ঘৰলৈ। তেতিয়াৰে পৰা ৰতনৰ পৰিয়ালটোকো বিভিন্ন সময়ত শুকুৱে সহায় কৰিব লগা হোৱাৰ লগতে শুকুৰ নিজৰ পৰিয়ালটোও আছে। জোৰা-টাপলিৰ মাজেৰে চলি থকা সংসাৰ দুখনৰ বাবে কৰ’না আহিল মৃত্যুদূত হৈ। শুকু কৰ্মৰত হৈ থকা কোম্পানীটোৰ কাম বন্ধ হৈ যোৱাৰ বাবে ৰুমৰ ভাৰা দিব নোৱাৰাত তাৰ পৰাও উলিয়াই পঠিয়ালে ভাৰাঘৰৰ মালিকে। ভাৰাঘৰৰ পৰা উলিয়াই দিয়াৰ পিছতো বৰ্তমানো তাতেই আৱদ্ধ হৈ কেনেদৰে দিন নিয়াইছে শুকুৱে?

শুকুৰ মুখেৰে শুনক তেওঁলোকৰ জীয়া কাহিনী...

ফোনযোগে শুকুৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয়, "মোৰ কাম জানুৱাৰীৰ পৰাই বন্ধ। মই বিদ্যা বিকাশ নামৰ ইঞ্জিনীয়াৰিং কলেজ এখনৰ হোষ্টেলত ৰান্ধনীৰ হেল্পাৰ হিচাপে কাম কৰো। আমাৰ ৰান্ধনী ৫০টা আছো। মহিলাও আছে। সব অসমৰ হয় আমি। কলেজ বন্ধ হোৱাৰ বাবে হোষ্টেলৰ সব ষ্টুডেন্ট ঘৰলৈ গ'ল। আমাৰ কামো বন্ধ হৈ গ'ল সেইকাৰণে।’

ভাৰাঘৰৰ পৰা উলিয়াই দিয়াৰ পিছত কি কৰিলে সেয়াও বৰ্ণনা কৰিলে শুকুৱে, ''ভাৰাঘৰত আছিলো, ভাৰা দিব নোৱাৰা কাৰণে মালিকে মোক ৰুম এৰি দিবলৈ কলে। উপায় নাই ৰুম এৰি দিলো। লগৰটো ঘৰলৈ গ’ল। মই ঘৰলৈ নগ’লো, যাবলৈ পইচা নাই। দৰমহাৰ টকা ঘৰলৈ আগতে পঠাই দিলো। ৰুম এৰি কাম কৰা হোষ্টেলটোত গুচি আহিলো মই। আমাৰ লগৰ ৩০ টা ইয়াতে আকৌ গোট খালো, মালিক ভাল। আমাক টকা-পইচা দিয়া নাই যদিও হোষ্টেলৰ ৰুমতে থাকিবলে দিছে। ভাতো খাবলৈ দিছে। এতিয়া আমাৰ বাবে এয়াই বহুত।’

কেনে আছে শুকুৰ পৰিয়াল?

শুকুৱে দিয়া ঠিকনা অনুসৰি আমি তেওঁৰ ঘৰত উপস্থিত হৈছিলো। একমাত্ৰ সম্বল শুকুৰ কামো বৰ্তমান অনিৰ্দিষ্ট কাললৈ বন্ধ হোৱাক লৈ চিন্তিত হৈ পৰিছে তেওঁৰ পৰিয়াল। দুটি সন্তানৰ সৈতে বাস কৰা শুকুৰ পত্নীয়ে এতিয়া অনাহাৰৰ যুঁজৰ বাবে প্ৰস্তুত। 

সন্তান দুটিৰ মুখত দুবেলা ভাত দুমুঠি তুলি দিবলৈ অসমৰ্থ তেওঁৰ পত্নীয়ে NNOৰ আগত কয়, "কি কৰিম কৰ’নাৰ বাবে চৰকাৰে লকডাউন দিছে আমি বুজিছো। বেমাৰটোৱে ধনী দুখীয়া কাকো নিচিনে। সি দিয়া পইচাৰে যেনেতেনে চলি আছো। ল’ৰাটো সৰু, স্কুলত দিয়া নাই, ছোৱালীজনী নাইনত পঢ়ি আছে। মইতো স্কুল পঢ়া নাই, ছোৱালীজনীক পঢ়াব মন আছে আমাৰ। ছাৰ হতেঁ কয় তাই পঢ়িব পাৰিব স্কুল নেৰাবি।’’

''আমিও সেইকাৰণে টিউচন দিব নোৱাৰিলেও যিমান পাৰো ঘৰতে তাইক পঢ়িব সুবিধা দিছো। কিন্তু এতিয়া আশা এৰি দিছো কেনেকে পঢ়াম আৰু। খাবলৈকে নাই, পঢ়াটো কেনেকে ভাবিম। মইয়ো কাম কৰো ওচৰৰ বাগানত। ছিজনত ডেইলী কাম পাওঁ টেনছন নাথাকে। কিন্তু এতিয়া বাগানো বন্ধ লকডাউনত। মোৰো ইনকাম নাই। সাহায্যৰ চাউল পাইছিলো সেইটো দি চলি আছো। বেছিদিন নাযাব চাউলটো আৰু কি খাম নাজানো। চৰকাৰে আমাক মানুহৰ হিচাপত নধৰে। আমিনো কি কৰিম আৰু নোখোৱাকে পৰালৈকে জীয়াম। ল’ৰা-ছোৱালীকেইটাক কোনোবা ভাল মানুহে চকু মেলি চাব, ভগৱানে সহায় কৰিব বুলি প্ৰাৰ্থনা কৰিছো। এতিয়া বেলেগ উপায় নাই।"-শুকুৰ পত্নীয়ে অসহায় হৈ কয়।

শুকুৰ ককায়েক ৰতনৰ পত্নীৰো একেই মত," আমাৰ মানুহটোৱে টিবিৰ ট্ৰিটমেন্ট কৰি আছে। মই ওচৰৰ কেইঘৰ মানত পাৰ্ট টাইম কাম কৰিছিলো। এতিয়া কাম বন্ধ। ল'ৰাটো যোৱা বছৰ মেট্ৰিক পাছ কৰিলে। পঢ়াব নোৱাৰিলো। সিয়ো য'ত-ত'ত কাম পালে কৰে। এতিয়া ক'তোৱে কাম পোৱা নাই, মই চৰকাৰে দিয়া ১০০০ টকা পাইছো। সেই পইছাটোৰেই খাই আছো। পইছাটো শেষ হ'লে কেনেকৈ চলিম নাজানো। ক'ৰনা আহিলেও এতিয়া কাম বিচাৰি ওলাবই লাগিব মই।"

শুকু, ৰতনহঁতৰ বাবে এয়াই শ্ৰমিক দিৱসৰ বাস্তৱ....

মে’ দিৱসে সোঁৱৰাই শ্ৰমজীৱি জনগণৰ অধিকাৰ ৰক্ষাৰ যুঁজৰ কথা। লগতে সোঁৱৰাই পুজিবাদী সমাজ ব্যৱস্থাত শ্ৰমিকসকলক কৰা শোষণৰ বিৰুদ্ধে বিশ্বৰ সকলো শ্ৰমিকে কৰিব পৰা বিদ্ৰোহৰ কথা। ১৮৮৬ চনত আমেৰিকাৰ পৰা আৰম্ভ হৈ সমগ্ৰ বিশ্বৰ শ্ৰমিকৰ মাজত সোমাই পৰা  ন্যায় আৰু সমতাৰ বাবে শ্ৰমজীৱি জনতাই আৰম্ভ কৰা আন্দোলন বৰ্তমানো চলি আছে, চলি থাকিব। 

প্ৰশ্ন হয়, মে’ দিৱস কেৱল দিৱসতেই ৰৈ গৈছে নেকি? শুকুহতঁৰ দৰে লাখ লাখ শ্ৰমিকে পাইছেনে শ্ৰমৰ মৰ্যদা? তেওঁলোকৰ পৰিয়ালবোৰে পাইছেনে সমাজত জীয়াই থকাৰ পূৰ্ণ সমতা, নায্যতা! কৰ’নাৰ বাবে সমগ্ৰ বিশ্বৰ অৰ্থনীতি অৱনমিত হৈছে। লকডাউনে যদি এনেকৈয়ে আৰু কেইটামান মাহ অতিক্ৰম কৰে তেন্তে জীয়াই থাকিবনে শুকুৰ পৰিয়াল? 

কোনোবা দৰদী লোকে প্ৰদান কৰা কেই কেজিমান চাউলেৰে এটা পৰিয়াল চলি থকা সম্ভৱনে? এনে বহু প্ৰশ্নৰ উত্তৰ দিবলৈ অপাৰগ হোৱা চৰকাৰখনে বিত্তীয় সংকটক দোহাই দিয়েই নিজৰ দায়িত্ব সামৰিব খুজিছে। কেনে পন্থা অৱলম্বন কৰিব চৰকাৰে এইসকল লোকৰ বাবে? 

সেয়ে শ্ৰমিক দিৱসৰ আওভাও বুজি নাপালেও অসহায় শুকুৰ পত্নীয়ে আমাৰ আগত কয়, 'ভোকত মৰাতকৈ আমাৰ দৰে মানুহবোৰ কৰ’নাত মৰাই ভাল। ভোকৰ কষ্টতকৈ কিজানি কৰ’নাত মৰিলে কষ্ট কমেই হ’ব।’ এয়া কেৱল শুকুৰ পত্নীৰেই কথা নহয়। 'লকডাউনত ঘৰতে থাকক, সুৰক্ষিত থাকক’ এইয়া বহুতৰ বাবে জীয়াই থকাৰ মন্ত্ৰ হ'লেও শুকু আৰু ৰতনৰ লগতে তেওঁলোকৰ পত্নীহঁতৰ দৰেকৈ দিনহাজিৰা কৰা লোকসকলৰ বাবে সেয়া ক্ৰমাৎ এতিয়া হৈ পৰিছে আওমৰণে মৰাৰ আন এক সহজ পথ।