গুৱাহাটীঃ বহিঃৰাজ্যত কৰ্মৰত অসমৰ প্ৰায় ৫ লক্ষ লোকৰ মাজতে শুকু এজন। চেন্নাইত এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত শুকু। ককায়েক ৰতনো তাতেই কৰ্মৰত হৈ আছিল। ছমাহ পূৰ্বে যক্ষ্মা (টিবি) ৰোগত আক্ৰান্ত হৈ ৰতন উভটি আহিল ঘৰলৈ। তেতিয়াৰে পৰা ৰতনৰ পৰিয়ালটোকো বিভিন্ন সময়ত শুকুৱে সহায় কৰিব লগা হোৱাৰ লগতে শুকুৰ নিজৰ পৰিয়ালটোও আছে। জোৰা-টাপলিৰ মাজেৰে চলি থকা সংসাৰ দুখনৰ বাবে কৰ’না আহিল মৃত্যুদূত হৈ। শুকু কৰ্মৰত হৈ থকা কোম্পানীটোৰ কাম বন্ধ হৈ যোৱাৰ বাবে ৰুমৰ ভাৰা দিব নোৱাৰাত তাৰ পৰাও উলিয়াই পঠিয়ালে ভাৰাঘৰৰ মালিকে। ভাৰাঘৰৰ পৰা উলিয়াই দিয়াৰ পিছতো বৰ্তমানো তাতেই আৱদ্ধ হৈ কেনেদৰে দিন নিয়াইছে শুকুৱে?
শুকুৰ মুখেৰে শুনক তেওঁলোকৰ জীয়া কাহিনী…