চাংসাৰিঃ মদ বিক্ৰীত বাধা দিয়া বাবে মদ ব্যৱসায়ী পিতৃয়ে কোৰেৰে কৰা প্ৰহাৰত আহত হ’ল পুত্ৰ। লকডাউনৰ মাজতে উত্তৰ গুৱাহাটীৰ দিহিংসত্ৰত সংঘটিত হৈছে এই শিহৰণকাৰী ঘটনা। প্ৰাপ্ত বাতৰি মতে, বৃহস্পতিবাৰে দ্বীপজ্যোতি দাস নামৰ যুৱকজনে মদ বিক্ৰীত বাধা প্ৰদান কৰাৰ পিছতে ক্ষুব্ধ হৈ পিতৃ বিজু দাস। এই লৈ দুয়োৰে মাজত তৰ্কা-তৰ্কিও লাগে। তৰ্কা-তৰ্কিৰ শেষত খঙত একো নাই হৈ কোৰেৰে প্ৰহাৰ কৰে পুত্ৰ দ্বীপজ্যোতিক।

পিতৃৰ কোৰৰ আঘাতত হাতত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় দ্বীপজ্যোতি। ঘটনা সন্দৰ্ভত ৰক্তক্ষৰণ হৈ থকা অৱস্থাৰেই উত্তৰ গুৱাহাটী থানালৈ আহি পিতৃৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে যুৱকজনে।

স্থানীয় লোকসকলে জনোৱা মতে পিতৃ-মাতৃহীন দ্বীপজ্যোতিক সৰুতেই মদ ব্যৱসায়ী বিজু দাসে নিজৰ তোলনীয়া পুত্ৰ কৰি লৈছিল। মদ ব্যৱসায়ী পিতৃৰ সৈতে থাকি সৰুৰে পৰা নিচাযুক্ত সামগ্ৰী প্ৰতি আসক্ত হৈ পৰিছিল দ্বীপজ্যোতি। কিছুদিন আগলৈকে দ্বীপজ্যোতিক ওচৰ-চুবুৰীয়া সকলোৱেই মদ-ভাং, ড্ৰেনড্ৰাইটসেৱনকাৰী বুলিয়েই জানিছিল।

নিচাযুক্ত দ্ৰব্যৰ প্ৰতি থকা আসক্তিৰ পৰিপ্ৰেক্ষিততেই নৱম শ্ৰেণীতেই বিদ্যালয় এৰিবলৈ বাধ্য হৈছিল যুৱকজন। অৱশেষত উক্ত আসক্তি ক্ষতিকাৰক বুলি উপলব্ধি কৰি নিজে যথেষ্ট চেষ্টা কৰি কিছুদিন পূৰ্বে সেই বদভ্যাস ত্যাগ কৰিবলৈ সমৰ্থ হয় দ্বীপজ্যোতিয়ে। নিচাসক্তি এৰিবলৈ সমৰ্থ হোৱাৰ পিছতে দ্বীপজ্যোতিয়ে পিতৃকো মদ বিক্ৰীৰ ব্যৱসায়ত বাধা দিবলৈ আৰম্ভ কৰিছিল।

দ্বীপজ্যোতিয়ে জনোৱা মতে অইন দিনাৰ দৰে আজিও তেওঁ তোলনীয়া পিতৃ বিজু দাসক মদ বিক্ৰী কৰিবলৈ লওতে বাধা প্ৰদান কৰে। কিন্তু তাৰ পিছতে সৃষ্টি হয় এই অবাঞ্চিত পৰিস্থিতিৰ। এই সন্দৰ্ভত যুৱকজনে কয় যে লকডাউনৰ সময়ত এনেদৰে পিতৃয়ে মুকলিকৈ সুৰা বিক্ৰী কৰাতো কোনোপধ্যেই ভাল কথা হোৱা নাই বাবে আজি তেওঁ অলপ বেছি জোৰকৈ বাধা প্ৰদান কৰিছিল।

ইফালে, এই ঘটনাৰ পিছতে অঞ্চলটোত মুকলিকৈ হৈ অহা মদ বিক্ৰীৰ বিৰুদ্ধে গৰজি উঠিছে স্থানীয় ৰাইজ। নগৰৰ মজিয়াত কিদৰে এনেদৰে লকডাউনৰ মাজতে মুকলিকৈ চুলাই বিক্ৰী কৰিব পাৰিছে সেই লৈয়ো প্ৰশাসনক জবাবদিহি কৰি শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী আৰু আবকাৰী বিভাগক দাবী জনাইছে দিহিংসত্ৰবাসীয়ে।