এটা প্ৰেম কাহিনী। সংজ্ঞাৰে জানো বান্ধিব পাৰি প্ৰেমক? নিশ্চয় নোৱাৰি! এগৰাকী কলেজীয়া যুৱতী। এজন বিবাহিত লোক। যুৱতীগৰাকীৰ বয়স ১৯ বছৰ। বিবাহিত লোকজনৰ বয়স ৩৬। বংগৰ জীৱনমুখী শিল্পী নচিকেতাই গীতত কৈছে, 'সে ছিল তখন ঊনিশ/আমি তখন ছত্রিশ/প্রেমে পড়তে লাগেনা বয়স/মনে থাকেনা ঊনিশ বিশ/বিবাহিত আমি তাতে কি হলো/অনুভূতিরা কি বাধ্যতামূলক/একই থাকে অহৰ্নিশ...’৷ সমাজৰ নিয়মৰ বাহিৰত হ’লেও এয়াও প্ৰেম৷ এয়াই সত্য৷
কাহিনীৰ নায়ক ৰফুল আলী৷ নায়িকা কাজল (নাম সলনি কৰা হৈছে)৷ ৩৬-৩৭ বছৰীয়া ৰফুল বিবাহিত৷ কাজল ১৯ বছৰীয়া কলেজীয়া যুৱতী৷ দুয়োৰে ঘৰৰ দূৰত্ব অতি বেছি ৩-৪ কিলোমিটাৰ৷ ৰফুলে যদি ফুল ভলিউমত বজাই, ‘চিঞৰি চিঞৰি ক’ব খোজো... আই লাউ ইউ... আই লাভ ইউ...’, তেন্তে সেয়া শুনি কাজলে গুণগুণাব, ‘লৈ যোৱা একেবাৰে, থৈ দিয়া কাষতে, আলফুল মৰমেৰে, কতো দুখ নোপোৱাকে, দিলো মোৰ হিয়া নজনাকে নজনাকে...’৷
ৰফুল এতিয়া আৰক্ষীৰ জিম্মাত৷ কাজলো ঢুকি পোৱা অৱস্থাত নাই৷ সেয়ে কেনেকৈ দুয়ো প্ৰথম চিনাকি হৈছিল সেই কথা এতিয়াও পোহৰলৈ অহা নাই৷ কিন্তু কিছুমান ভইচ মেছেজ, চিঠি আৰু ভিডিঅ’ ক্লিপ আমাৰ হাতত আহি পৰিছে৷ তেনে ভইচ মেছেজৰ ওপৰত ভিত্তি কৰিয়েই ঘটনাটো প্ৰেমৰ আছিল সেই কথা একপ্ৰকাৰ অনুমান কৰিব পাৰি৷
দেহা মই মৰি যাম...
কাজলে ৰফুলক মৰমতে নাম দিছিল দেহা বুলি। আমাৰ হাতত যিসমূহ অডিঅ’ ক্লিপ আহি পৰিছে সেই সমূহৰ অধিকাংশতে দেখা গৈছে কাজলৰ সুতীব্ৰ প্ৰেম। এগৰাকী কলেজীয়া যুৱতীয়ে প্ৰেমত পৰিলে যিদৰে বাউলী হৈ পৰে তেনেদৰে বাউলী হৈ পৰিছিল কাজল। 'দেহা মই তোমাকে ভালপাও, তোমাৰ বাহিৰে আৰু কাকো ভাল নাপাও মই। তুমি কিয় বুজি নোপোৱা? কি বুলি প্ৰমাণ দিব লাগিব কোৱা। তুমি যি বিচাৰা তকেই দিম। আই লাভ ইউ।’-হোৱাটছএপৰ এটা ভইচমেছেজত অভিমান ভৰা কণ্ঠৰে এইদৰে ৰফুলক কৈছিল কাজলে। 'তুমি নাথাকিলে কেতিয়াও জীয়াই নাথাকো। তুমি অবিহনে মই জীয়াই থাকিব নোৱাৰো দেহা, মই মৰি যাম দেহা।’-কাজলৰ আন এটা আৱেগ মিহলি ভইচমেছেজ।
ৰফুল বিবাহিত বুলি জানিছিল কাজলে...
বিবাহিত বুলি জানিও ৰফুলৰ প্ৰেমত পৰিছিল কাজল। কাৰণ প্ৰেম এনেকুৱাই, প্ৰেম হোৱাৰ সময়ত প্ৰেমে বিচাৰ নকৰে কোন কেনেকুৱা! নাচিকেতাৰ গীতৰ ভাষাত, 'কাকো দিন-বাৰ সুধি প্ৰেম নাহে, প্ৰেম কেনেকৈ আহে, কেনেকৈ জাগে সেয়া কোনেও কব নোৱাৰে।’ কাজলৰ মনলৈকো প্ৰেম আহিছিল। প্ৰেম অহাৰ সময়ত, প্ৰেম জাগি উঠাৰ সময়ত কাজলে বিচাৰ কৰি চোৱা নাছিল যে ৰফুল কোন হয়, ৰফুলে কি কৰে? হোৱাটছএপত সেয়ে ৰফুললৈ ভইচ মেছেজ দি কাজলে কৈছিল, 'তুমি কিয় নিব অহা নাই মই নাজানো। মই এটা কথাই জানো, তোমাৰ জীৱনত ৱাইফ আছে, যেতিয়ালৈকে ডিভোৰ্চ হোৱা নাই। সেইকাৰণে মই এনেকৈ আছো।’ (তলত লিংকত ক্লিক কৰি ভইচ মেছেজ শুনি চাব পাৰে। ঘটনাৰ সত্যতা প্ৰকাশৰ স্বাৰ্থতে আমাৰ হাতত আহি পৰা অডিঅ' ক্লিপসমূহ অনিচ্ছাসত্বেও প্ৰকাশ কৰা হৈছে।)
ৰফুল মুছলমান বুলিও জানিছিল কাজলে...
প্ৰেমৰ কোনো জাতি নাই, কোনো ধৰ্ম নাই। প্ৰেম প্ৰেমেই। সেয়ে কাজলৰ প্ৰেমে বিচাৰ কৰি চোৱা নাছিল ৰফুল কোন হয়। কাজলে কেৱল এটা কথাই জানিছিল যে ৰফুল তাইৰ 'মৰমৰ দেহা’ হয়। কোৰবাণী ঈদৰ সময়ত গৰুৰ বজাৰলৈ গৈছিল ৰফুল। সেই কথা ফোনযোগে হয়তো মেছেজযোগে প্ৰেয়সীকো জনাইছিল ৰফুলে। বজাৰত সেইদিনা ব্যস্ত হৈ থকা বাবে সময় দিব পৰা নাছিল প্ৰেয়সীক। প্ৰেমিকৰ পৰা কোনো ফোন-মেছেজ নাপাই অধৈৰ্য হৈ তাই ভইচ মেছেজ কৰিছিল, 'দেহা, মোক টাইম দিব নালাগে, তুমি বজাৰখনৰ গোটেই গৰুবোৰেই কিনি আনা আৰু কোৰবাণী দিয়া।’
মই মৰি যাম দেহা...
ক’ত, কেতিয়া, কেনেকৈ ৰফুল আৰু কাজলৰ প্ৰেম হৈছিল সেয়া এই মুহূৰ্ততো জানিব পৰা হোৱা নাই। কিন্তু এটা কথা জানিব পৰা গৈছে যে যৌৱনৰ প্ৰেমৰ বানত বলীয়া হৈ কাজলে ৰফুলৰ বাবে প্ৰাণ দিবলৈকো সাজু আছিল। কেবাটাও ভইচ মেছেজেই বহন কৰিছে তাৰ ইংগিত। এটা ভইচমেছেজত কাজলে কৈছে, 'তুমি কেৱল নিজৰটোক লৈয়ে ব্যস্ত থাকা। মোৰ প্ৰব্লেমবোৰৰ কথা এবাৰো নাভাবা। যদি ভাল পালা হয়, আজি তুমি বুজি পালা হয়। মই বেয়া চৰিত্ৰহীন যে, মোৰ কথা ক’ত শুনিবা, ক’ত বুজিবা। হাত কাটি দিছো, সিৰ কাটি দিম এতিয়া দেহা মই, এনেকৈ কেনেকে জীয়াই থাকো কোৱা। মই মৰি যাম দেহা...’
মোক লৈ যোৱা দেহা...
প্ৰেম যেতিয়া সুতীব্ৰ হৈ পৰে তেতিয়া লগ পোৱাৰ বাসনাই উন্মাদ কৰি তোলে প্ৰেমিক-প্ৰেমিকাক। কাজলো উন্মাদ হৈ পৰিছিল মৰমৰ দেহাক চিৰদিনৰ বাবে পাবলৈ। কিয় ইমান উদ্বাউল হৈ পৰিছিল কাজল ৰফুলক পাবলৈ সেই সম্পৰ্কে জানিবলৈ সকলো চেষ্টা কৰিয়ো সফল হ’ব পৰা নগ’ল। কেৱল লগ পাবলৈ যে উদ্বাউল হৈ পৰিছিল তাৰে প্ৰমাণ হিচাপে পোৱা গৈছে দুটামান ভইচমেছেজ। এটা ভইচমেছেজত কাজলে ৰফুলক কৈছে, 'নিব আহিবা নাই কোৱা? কাইলৈ নিব আহিবা। কাইলৈ নিব আহিলে মই যদি তাৰ পিছত তুমি মোক যি কৰা কৰিবা।’ আন এটা মেছেজত অভিমানেৰে কৈছে, 'নালাগে তোমাৰ মোৰ নিবৰ ইচ্ছা নাই। মই আৰু জোৰ কৰি কেতিয়াও নাযাও। নেভাৰ।’ নিব নাহিলে মৰি যোৱাৰ কথাও ৰফুলক কৈছে কাজলে, 'ঠিক আছে নিব আহিব নালাগে। ৰাতিপুৱালে দুটা ডেডবডী হ’ব, বছ। তুমিহে মৰিব পাৰা নেকি? ময়ো মৰিব পাৰো, দেখাই আছো।’
প্ৰেমত লাগে বিশ্বাস...
প্ৰেমত বিশ্বাসেই মূল। প্ৰেমত জাত-পাতৰ কথা নাথাকে। নাথাকে ধন-টকা-পইচাৰ কথা। বুকুত প্ৰেম থাকিলে এসাজ খাই এসাজ লঘোণেও থাকিব পাৰি। প্ৰেমত বিশ্বাস কিমান গুৰুত্বপূৰ্ণ সেই কথা উপলব্ধি কৰিছিল কাজলেও। কাজলে হঠাৎ অনুভৱ কৰিছিল যে ৰফুলে কাজলক বিশ্বাস নকৰে। কিয় ৰফুলে কাজলক বিশ্বাস নকৰে সেই কথাও জনাটোও বৰ্তমান অসম্ভৱ। তথাপি কাজলে প্ৰেমত বিশ্বাসক কিমান গুৰুত্ব দিছিল সেয়া এই ভইচমেছেজটোৱে বুজাই দিয়ে, 'তুমি মোক বিশ্বাসেই নকৰা। ভালপোৱা কেনেকৈ কোৱা? যদি বিশ্বাসেই নাই প্ৰেম কেনেকৈ কৰিছা দেহা... প্লিজ...।’ হয়তো দুয়োৰে প্ৰেমত বিশ্বাসৰ অভাৱ আছিল যাৰ বাবে সমাজৰ নীতি-নিয়ম আৰু আইনৰ গণ্ডীত বন্দী হৈ ধৰাশায়ী হৈ পৰিবলৈ বাধ্য হৈ পৰিছে সেই প্ৰেম।
এই বাতৰিটোও পঢ়ি চাব পাৰে...
বাতৰিটো পঢ়িবলৈ ইয়াত CLICK কৰক
দেহা মই তোমাক আনিম... এক অপহৰণ
প্ৰেয়সীৰ মৰমৰ আবদাৰত সিদ্ধান্ত লৈ পেলাইছে ৰফুলে। প্ৰেয়সীয়ে যেতিয়া কাষত পাব বিচাৰে তেতিয়া কোন প্ৰেমিকে অস্বীকাৰ কৰিব পাৰে সেই আহ্বান। নিবলৈ নাহিলে হাত কাটি দিয়া, সিৰ কাটিৰ দিয়াৰ কথা শুনি শংকিত হৈ প্ৰেমিকৰ দায়িত্ব পালন কৰি ৰফুলে কাজললৈ ভইচ মেছেজ কৰি আশ্বাস দিছে, 'দেহা মই আনিম তোমাক। কথা দিছো নহয় মই তোমাক আনিম। একো নকৰিবা দেহা প্লিজ। ঠিক আছে মই কালি লৈ আহি আছো তোমাক। অকে?’ সেই কালিটোৱেই হয়তো আছিল ৩ ছেপ্টেম্বৰ। সেইদিনাখনেই সন্ধিয়াৰ ভাগত ৰফুলে তিতকুছিৰ ঘৰৰ পৰা কাজলক লৈ গৈছিল এক নতুন পথেৰে। আইনৰ দৃষ্টিত সেই পথৰ নাম এতিয়া অপহৰণ!
কি ক’লে ৰফুলৰ মাতৃয়ে?
ৰফুলৰ মাতৃৰ মতে ৰফুলৰ বয়স প্ৰায় ২৭-২৮ বছৰ। ১৭-১৮ বছৰ বয়সতে বিয়া পাতিছিল ৰফুলে। 'সি বেছি পঢ়া-শুনা নকৰলাক। এই প্ৰেমেই তাক ধ্বংসো কৰলাক। দেখাত থৌগা বাবে গাঁৱৰ আপীমখা তাৰ কাৰণে পাগলা আছিল। তায়ো আহি নিজে ঘৰ সোমাল। আমি কাজী মাতি বিয়া পাতি দিলো। আপাচানা দুটাও হ’ল। তাৰ পিছোত কেথেনবা মোৰ লগোত কাইজে লাগে, কেথানবা আপীগিটাৰ লগোত লাগে। সেংকে তাই কেচ দিলাক। মই তাক কৈয়ে আছলু, বাপা আৰু ইথেন ইগলে জোট নলগেবি। তাইৰ লগোত লাগা কেছটো ছিঙলি আকৌ বিয়া পাতবি। ইতে সিগলেখান বাদ দি। কিন্তু ইতে মোবাইলোৰ পাৰা গম পালো ইগলেখান হল। এই আপীটোই তাক দেহা দেহা বুলি মাতি মাতি পাগলা কৰি খালাক। আগোৰ আপীটোই তাৰ জীৱনটো বৰবাদ কৰি দিলাক, ইতে এই আপীটোয়ো তাক এখান কৰলাক। কি মৰাম লাগা দুটা আপাচানা তাৰ। সিগলেখান মনোত পৰলি কান্দান ওলেই আহে। গাৱোতে ঘৰ, কিন্তু মাতিম বুলিও মাতবা নৰো। মাকে মাতবে নেদে। ইগলেখান দুখ লৈয়ে এংকে জীয়েই আছো। কি কৰিম আৰু ইতে আল্লাকে চিন্তি আছো আৰু এংকে।’
গাঁওবাসীৰ লগত আহ-যাহ নাই ছোৱালীগৰাকীৰ পৰিয়ালৰ
কাজল নামেৰে যিগৰাকী ছোৱালীৰ কথা কোৱা হৈছে সেই ছোৱালীজনীৰ ঘৰ দৰং আৰু কামৰূপ জিলাৰ সীমামূৰীয়া তিতকুছি গাঁৱত। গাঁওখনৰ এজন ব্যক্তিয়ে আমাৰ স্বেচ্ছাসেৱক প্ৰতিনিধিক জনোৱা মতে, গাঁওখনত প্ৰায় ১৮০ টা পৰিয়াল আছে। ইয়াৰে ৭টা পৰিয়ালক কোনো এক কাৰণত খেলৰ পৰা পৃথক কৰি দিয়া হৈছিল। এই ৭টা পৰিয়ালৰে এটা পৰিয়াল হৈছে কাজলহঁতৰ পৰিয়ালটো। কাজলহঁতৰ পৰিয়ালটোৰ আকৌ বাকী ৬টা পৰিয়ালৰ সৈতেও হেনো সম্পৰ্ক ইমান ভাল নহয়। সেয়ে ঘৰখনত কি চলি থাকে কোনেও নাজানে।
কাজলৰ ঘৰলৈ আহিছিল ৰফুল
ৰফুলে মাজে মাজে কাজলৰ ঘৰলৈ আহিছিল। কাজলৰ ঘৰলৈ যে আহিছিল তাৰ প্ৰমাণ হিচাপে পোৱা গৈছে কাজলৰ ঘৰৰ ড্ৰয়িং ৰুমৰ দুখন ফটো। এখন ফটোত যিখন ছোফাত কাজল বহি আছে, সেই একেখন ছোফাতে বহি থকা দেখা গৈছে ৰফুলক। কাজলৰ চুবুৰীয়া দুই-এজনে জনোৱা মতেও ৰফুল কাজলৰ ঘৰলৈ মাজে মাজে আহিছিল। আনকি দুজনমান স্থানীয় লোকে কাজল-ৰফুলৰ সম্পৰ্কক লৈ পিতৃ-মাতৃয়ে জানি চিন্তিত হৈছিল যদিও একো কোৱা নাছিল বুলি জনাইছে। আন দুজনমানে আকৌ ৰফুলৰ কথা জনা বাবে পিতৃ-মাতৃয়ে কাজলক ঘৰত গালি-শপনি পাৰিছিল, যাৰ বাবে তাই ৰফুলৰ লগত পলাই যাবলৈ উদ্বাউল হৈ পৰিছিল বুলি মন্তব্য কৰিছে।
কাজলে লিখি গৈছিল চিঠি
ৰফুলৰ সৈতে পলাই যোৱাৰ পূৰ্বে এখন চিঠিও লিখি গৈছিল কাজলে। চিঠিখনত কাজলে মাক-দেউতাকক ক্ষমা কৰি দিবলৈ কৈছে আৰু তেওঁলোকক বিচাৰি নাযাবলৈ কৈছিল। সপোনবোৰ পূৰ্ণ হলেই মাক-দেউতাকে তাইক বিচাৰি পোৱা বুলি ভাবি লোৱাৰ কথাও কাজলে চিঠিখনত কৈছে। নামবিহীন চিঠিখনৰ আৰম্ভণিতে তাই লিখিছে 'ছৰী’ শব্দটো। অৱশ্যে চিঠিখনৰ হাতৰ আখৰ কাজলৰ হয় নে নহয় সেই কথা জনাৰ চেষ্টা চলায়ো সফল হব পৰা নগল।
কলেজলৈ গৈও লগ কৰিছিল দেহাক
সময়-সুযোগ পালেই ৰফুল আৰু কাজল মিলিত হৈছিল ভিন্ন স্থানত। কলেজ ইউনিফৰ্মতো ৰফুলৰ সৈতে ভিন্ন স্থানলৈ গৈছিল কাজল। কাজলৰ কেইগৰাকীমান সহপাঠীৰ মতে প্ৰায়ে অন্যমনষ্ক হৈ আছিল কাজল। এজন যুৱকৰ লগত কলেজলৈ অহাও দেখিছিল বহুতে। কলেজৰ ক্লাছ শেষ হোৱাৰ পিছতো মাজে মাজে যুৱকজনৰ সৈতে বাইহাটা চাৰিআলি চকত যোৱা বহুদিন কাজলক প্ৰত্যক্ষ কৰিছিল বুলিও কেবাগৰাকী সহপাঠীয়ে জনাইছে।
বজৰং-আৰএছএছৰ হেঁচা
কাজলৰ এগৰাকী নাম প্ৰকাশত অনিচ্ছুক চুবুৰীয়াই জনোৱা মতে ৰফুলৰ সৈতে পলাই যোৱাৰ পিছত এজাহাৰ দাখিল কৰিলেও কথাটোক লৈ ইমান চিন্তিত হৈ পৰা নাছিল পিতৃ-মাতৃ। আৰক্ষীয়েও এজাহাৰ লাভ কৰাৰ পিছতো সাধাৰণ ছোৱালী পলুৱাই নিয়া ঘটনাসমূহক লৈ যিধৰণে আগবাঢ়ে তেনেকৈয়ে লাহে-ধীৰে আগবাঢ়িছিল। কিন্তু হিন্দু ছোৱালী এজনী মুছলমান ল’ৰালৈ পলাই যোৱা কথাটোক সহজভাৱে ল’ব পৰা নাছিল স্থানীয় বজৰং আৰু আন হিন্দু সংগঠনসমূহে। উক্ত সংগঠনৰ একাংশ নেতা আৰু সদস্যই সমগ্ৰ ঘটনাক 'লাভ জেহাদ'ৰ ৰূুপ দি বিষয়টোক লৈ আৰক্ষীক হেঁচা দিয়ে আৰু সেই হেঁচাৰ পিছতে আৰক্ষীয়ে বিষয়টোক লৈ তৎপৰ হৈ পৰে। শেহতীয়াকৈ ছোৱালীজনীয়ে সংবাদ মাধ্যমৰ আগত দিয়া ভাষ্যও কাৰোবাৰ হেঁচাত পৰি দিয়া ভাষ্য বুলিয়েই ক’ব খুজিছে একাংশ লোকে। 'তাইৰ ফটো, কল ৰেকৰ্ডিং সকলো আছে। তাৰ পিছত তাই এতিয়া ল’ৰাটোক চিনি নাপাও বুলি কৈছে। চিনি নোপোৱা ল’ৰা এটাৰ বাবে কোনো ছোৱালীয়ে মৰি যাম বুলি নকয়, ক’ব নোৱাৰে। তাই কাৰোবাৰ হেঁচাত পৰি এতিয়া ল’ৰাজনক চিনি নাপাও বুলি কৈছে। কাৰণ তাইৰ হাতত এতিয়া অপশ্যন নাই, সাহসো কৰিব নোৱাৰে।’-এজন স্থানীয় লোকৰ ভাষ্য।
মহিলা কনিষ্টবল বিনীতা বড়োৰ ক্ষোভ
স্থানীয় একাংশ লোকৰ মতে ৰফুলৰ তিনি ভগ্নী ৮ ছেপ্টেম্বৰৰ কিছুদিন পূৰ্বেও বুঢ়া থানাত হাজিৰ হৈছিল। ৰফুলৰ পত্নীয়ে দিয়া গোচৰ সন্দৰ্ভত গুৱাহাটীৰ পৰা থানাখনলৈ গৈছিল তেওঁলোক। তাতেই মহিলা কনিষ্টবল বিনীতা বড়োৰ সৈতে কিছু কথাৰ কটাকটি হৈছিল ভনীয়েককেইগৰাকীৰ। সেই কথাৰ কটাকটিয়ে মহিলা কনিষ্টবল বিনীতা বড়োৰ মনত ক্ষোভলৈ ৰূপান্তৰিত হৈছিল। তাৰেই পৰিণতি স্বৰূপে আন এটা ঘটনাত পুনৰ থানালৈ আহিবলগীয়া হোৱাত ভনীয়েককেইগৰাকীৰ ওপৰত নিৰ্যাতন চলোৱাত আৰক্ষী বিষয়া মহেন্দ্ৰ শৰ্মাক সহযোগ কৰি ক্ষোভৰ বৰ্হিপ্ৰকাশ ঘটাইছিল কনিষ্টবল বিনীতা বড়োৱে।
গৰ্ভপাত হৈছিলনে ৰফুলৰ ভগ্নীৰ?
আৰক্ষীৰ নিৰ্যাতনত ৰফুলৰ এগৰাকী ভগ্নীয়ে গৰ্ভপাত হোৱা বুলি জিলা আৰক্ষী অধীক্ষকলৈ দিয়া পত্ৰত উল্লেখ কৰিছিল। সেই কথা প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ সময়ত কোৱা নাছিল বুলি প্ৰাথমিক চিকিৎসা সম্পন্ন কৰা চিকিৎসকজনে সংবাদ মাধ্যমক জনোৱাৰ পিছতে বিষয়টো লৈ ছ’চিয়েল মিডিয়াত ব্যাপক প্ৰচাৰ-অপপ্ৰচাৰ চলে। এই সন্দৰ্ভত আমাৰ তৰফৰ পৰা যোগাযোগ কৰাত পৰিয়ালৰ লোকে জনাইছে যে এগৰাকী নহয় দুগৰাকীকৈ ভগ্নী আৰক্ষীয়ে নিৰ্যাতন চলোৱাৰ সময়ত অন্তঃসত্বা আছিল আৰু ডাঙৰগৰাকীৰ গৰ্ভত থকা ভ্ৰুণ নষ্ট হৈ পৰিছে। অৱশ্যে সেই স্বাস্থ্য পৰীক্ষাৰ প্ৰতিবেদন এই মুহূৰ্তলৈ আমাৰ হাতত আহি পৰা নাই। ৰফুলৰ মাতৃৰ সৈতে যোগাযোগ কৰোতেও জনাই যে তেওঁৰ দুগৰাকীকৈ কন্যাই অন্তঃসত্বা আছিল আৰু আৰক্ষীৰ প্ৰহাৰত ডাঙৰজনীৰ ভ্ৰূণ নষ্ট হৈ পৰিছে।
বাতৰিটো পঢ়ি কেনে পালে কমেণ্টত জনাবলৈ নাপাহৰিব। আপোনাৰ বন্ধু-বৰ্গয়ো যাতে পঢ়িব পাৰে তাৰ বাবে Share কৰক। স্বতন্ত্ৰ আৰু মুক্ত হৈ থাকিবলৈ আমাক প্ৰয়োজন আপোনাৰ সহায়ৰ। আমাক সহায় কৰিবলৈ Click কৰক ► Support Us