প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ‘অৱতাৰী পুৰুষ’৷ পিছে এই আখ্যা আমি দিয়া নাই, দিছে আমাৰ সমাজৰে একাংশই৷  কিন্তু কিয় দিছে এই আখ্যা? সদ্যহতে ছচিয়েল মিডিয়াত এই খবৰ বিয়পি পৰিছে৷ মোদীৰ উপহাৰ নিলামৰ বাতৰিৰ সন্দৰ্ভত এক দাবী উত্থাপন হৈছে যে মোদীয়ে উপহাৰ পোৱা ৫০০ টকাৰ গামোচাখন ১১ কোটি টকাত নিলাম হৈছে আৰু এই নিলামৰ পৰা পোৱা এই টকা মোদীয়ে দান কৰিছে প্ৰধানমন্ত্ৰী ৰক্ষা কোষলৈ৷ 

এই খবৰটোকে শ শ লোকে ফেচবুক, টুইটাৰ, হোৱাটছ এপত শ্বেয়াৰ কৰিছে য’ত মোদীক আখ্যা দিয়া হৈছে অৱতাৰী পুৰুষ বুলি৷ 

কি সঁচা কি মিছা?

এটা কথা সঁচা যে নতুন দিল্লীস্থিত ‘ৰাষ্ট্ৰীয় আধুনিক কলা সংগ্ৰাহালয়’ত বিগত বৰ্ষৰ পৰা প্ৰধানমন্ত্ৰী মোদীয়ে লাভ কৰা ২৭৭২ টা উপহাৰৰ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে আৰু ইণ্টাৰনেটৰ জৰিয়তে এই উপহাৰৰ নিলামৰ ব্যৱস্থাও কৰা হৈছে৷ 

কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰী প্ৰহ্লাদ সিং পেটেলে ১৪ ছেপ্তেম্বৰ ২০১৯ তাৰিখে এই প্ৰদৰ্শনীখন উদঘাটন কৰি কৈছিল ‘‘এই উপহাৰসমূহত ছবি, স্মাৰক চিহ্ন, মূৰ্তি, শ্বল, পাগুৰি, অংগবস্ত্ৰ, জেকেট আৰু পৰাম্পৰাগত বাদ্যযন্ত্ৰ মজুত আছে আৰু ইয়াৰ মূল্য ২০০ টকাৰ পৰা আঢ়ৈ লাখ টকালৈকে ধাৰ্য কৰা হৈছে৷ চৰকাৰী ৱেবচাইট pmmementos.gov.in-ৰ জৰিয়তে আগ্ৰহীসকলে উপহাৰসমূহৰ নিলামত ভাগ ল’ব পাৰিব৷’’

কিন্তু ছচিয়েল মিডিয়াত বিয়পি পৰা আৰু চৰ্চিত হোৱা ৫০০ টকাৰ গামোচা ১১ কোটি টকাত নিলাম হোৱা কথাটো কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰালয়ে ভুৱা বাতৰি বুলি সদৰী কৰিছে৷ কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰালয়ৰ তথ্য অনুসৰি ৩ অক্টোবৰ, ২০১৯ লৈকে চলিব লগা মোডীৰ উপহাৰ নিলাম কাৰ্যসূচীত এতিয়ালৈকে ১১ কোটি টকাত কোনো উপহাৰেই নিলাম হোৱা নাই৷ 

প্ৰধানমন্ত্ৰী ৰক্ষা কোষৰ প্ৰকৃত সত্য

ভাৰতৰ কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰালয়ৰ অন্তৰ্গত ‘ৰাষ্ট্ৰীয় আধুনিক কলা সংগ্ৰাহালয়’ত প্ৰধানমন্ত্ৰী মোডীয়ে লাভ কৰা মনোৰম উপহাৰসমূহৰ অনলাইন নিলামৰ ব্যৱস্থা কৰা হৈছে৷ এই নিলামী ব্যৱস্থাত কেৱল ভাৰতীয় লোকেহ ভাগ ল’ব পাৰিব আৰু নিলাম হোৱা যিকোনো উপহাৰ ভাৰতৰ ভিতৰতেই থাকিব লাগিব, বিদেশত ৰাখিব নোৱাৰিব৷

নিয়ম অনুসৰি উপহাৰৰ নিলামত পোৱা টকা সমূহ গংগা নদীৰ পৰিস্কাৰকৰণৰ বাবে ভাৰত চৰকাৰে হাতত লোৱা ‘নমামি গংগে প্ৰগাম’-ত ব্যৱহাৰ কৰা হ’ব৷ ইয়াৰ বাহিৰে এই টকা অন্য কোনো কামতে ব্যৱহাৰ কৰিব নোৱাৰিব৷ 

এটা কলহ কোটি টকাত নিলাম

চৰকাৰী ৱেবচাইট pmmementos.gov.in-ত উপলব্ধ তথ্য অনুসৰি যোৱা ১৬ ছেপ্তেম্বৰ তাৰিখে এটা ৰূপৰ কলহ সৰ্বোচ্চ ১ কোটি ৩০০ টকাত নিলাম হৈছে৷ এই ৰূপৰ কলহটো মোডীক উপহাৰ দিছিল গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানীয়ে৷ কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰালয়ে কলহটোৰ নূন্যতম মূল্য ৰাখিছিল ১৪ হাজাৰ টকা৷ যোৱা ৯ ফ্ৰেব্ৰুৱাৰীত ছিল্কৰ এখন ৰঙা শ্ব’ল ৬ লাখ টকাত নিলাম হৈছিল৷ অংগবস্ত্ৰসমূহৰ নিলামী কাৰ্যসূচী আৰম্ভ হৈছে যদিও এতিয়ালৈকে নিলাম কৰা হোৱা নাই কাৰণ ৩ অক্টোবৰলৈকে সময় আছে যিহেতু৷ এই সময়খিনিলৈকে অনেক লোকে নিলামী কাৰ্যসূচীত ভাগ লোৱাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে৷ 

কাৰিকৰী বিজুতি

যোৱা ১৫ ছেপ্তেম্বৰ তাৰিখে দৈনিক জাগৰণকে ধৰি অন্যান্য ৱেবচাইটসমূহত এটা খবৰ দেখিবলৈ পোৱা গৈছিল যে ‘‘মোডীয়ে পোৱা উপহাৰৰ ভিতৰত এখন ৫০০ টকাৰ গামোচা ১১ কোটি টকাত নিলাম হৈছে৷’’ ছচিয়েল মিডিয়াত এই ৱেবচাইটসমূহৰ স্ক্ৰীণশ্বটকে শ্বেয়াৰ কৰিছিল অনেক লোকে৷ প্ৰকৃততে pmmementos.gov.in এই ৱেবচাইটটোত হোৱা কাৰিকৰী বিজুতিৰ বাবে নিলামৰ বাবে অন্তৰ্ভুক্ত হোৱা এখন গামোচাৰ নিলাম ১১ কোটিত হোৱা বুলি দেখুৱাইছিল কিছু সময়ৰ বাবে৷ কেৱল গামোচায়েই নহয় অন্যান্য কিছু উপহাৰতো ভুলকৈ কিছুমান নিলামী দৰ দেখুওৱা হৈছিল৷ পিছত এই কাৰিকৰী বিজুতি ঠিক কৰা হৈছিল৷  উৰহী গছৰ ওৰ পিছতহে ওলাল যদিও এতিয়াও কিছু লোকে এই বাতৰিটো শ্বেয়াৰ কৰি আছে৷ এতিয়া দূষিবনো কাক... স্বয়ং ৱেবচাইটটোতে যেতিয়া এই খবৰ প্ৰকাশ পাইছিল আৰু খবৰ পোৱাৰ লগেলগে সংবাদ মাধ্যমসমূহেও এই বাতৰি প্ৰকাশ কৰিলে গতিকে নৰমনিচনো ৰৈ থাকে কিদৰে! লগালগ এটা ভুল বাতৰি হৈ গ’ল শ্বেয়াৰ৷ গতিকে সংবাদ মাধ্যম সমূহে কিবা এটা বাতৰি লাভ কৰাৰ মাত্ৰেই ভুল শুদ্ধ বিচাৰ নকৰাকৈ প্ৰকাশ কৰাৰ পৰা বিৰত থাকিব লাগে আৰু জনসাধাৰণেও শ্বেয়াৰ অপশ্বনত ক্লিক কৰিবলৈ হ’লে বিষয়টো চালিজাৰি চাইহে ভুল-শুদ্ধৰ বিচাৰ কৰিব পৰাকৈ অলপ ধৈৰ্যশক্তিৰ ৰখাৰ প্ৰয়োজন...৷

ফেক নিউজৰ বিৰুদ্ধে  News Next Oneৰ যুদ্ধ

ফেক নিউজৰ বিৰুদ্ধে জনসাধাৰণক সচেতন কৰিবলৈ প্ৰথম প্ৰচেষ্টা হাতত লৈছিল কেইজনমান ইউটিউবাৰে৷ ফেচবুক, হোৱাটছএপৰ লগতে মুখ্যধাৰাৰ হিন্দী আৰু ইংৰাজী নিউজ চেনেলসমূহে প্ৰপাগাণ্ডামূলক ফেক নিউজ প্ৰচাৰ কৰালৈ চাই সেই সম্পৰ্কে জনসাধাৰণক সচেতন কৰিবলৈ আগবাঢ়ি আহিছিল এইসকল ইউটিউবাৰ৷ ইয়াৰ পিছতে ফেক নিউজৰ বিৰুদ্ধে পোনপটীয়াকৈ যুদ্ধত নামে বিশিষ্ট সাংবাদিক প্ৰতীক সিনহা৷  এইগৰাকী সাংবাদিকে altnews.in নামৰ বেৱছাইটটোৰ জৰিয়তে ভাৰতত ফেক নিউজৰ বিৰুদ্ধে আৰম্ভ কৰে জেহাদ৷ ইয়াৰ বাবে সাংবাদিকজনে ফেক নিউজ মেকাৰসকলৰ পৰা যথেষ্ট ভাবুকিৰো সন্মুখীন হ’বলগীয়াত পৰিছে৷ পৰৱৰ্তী সময়ত মুখ্যধাৰাৰ সংবাদ প্ৰতিষ্ঠান কেইটায়ো ভাইৰেল পড়তাল আদি নাম দি ফেক নিউজৰ বিৰুদ্ধে সজাগতামূলক অনুষ্ঠান সম্প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰে যদিও সেয়া সঠিক ৰূপত কৰা দেখা পোৱা হোৱা নাই৷ 

অসমতো ইতিমধ্যে ফেক নিউজে নিজৰ পৰিসৰ বৃদ্ধি কৰিবলৈ সমৰ্থ হৈছে৷ ফেক নিউজৰ পৰা যাতে অসমৰ নেটিজেনসকলক ৰক্ষা কৰিব পৰা যায় তাৰ বাবে News Next One-এ হাতত লৈছে বিশেষ পদক্ষেপ৷ আমাৰ Fact-চেকিং শিতানত পঢ়িবলৈ পাব প্ৰতিটো ফেক নিউজৰ সত্যাসত্য৷ ফেচবুক, হোৱাটছএপ, আনকি টিভি চেনেলত পোৱা বাতৰিক লৈয়ো যদি আপোনাৰ সন্দেহ ওপজে তেন্তে বাতৰিটোসহ আমালৈ মেইল (newsnextonene@gmail.com) কৰিব পাৰে৷ আমাৰ Fact-চেকিং টীমে তেনে বাতৰিৰ প্ৰকৃত সত্য অসমবাসী ৰাইজক জনাবলৈ সংকল্প গ্ৰহণ কৰিছে৷ আজিৰ এই বাতৰিটো প্ৰস্তুত কৰোতে বিবিচিৰ Fact-চেকিং শিতানৰ সহায় লোৱাৰ লগতে নিজাববীয়াকৈও ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চোৱা হৈছে।

শ্বেয়াৰ কৰাৰ আগত হওক সাৱধানঃ

এই ঘটনা এক মাথো উদাহৰণ। এনেকৈয়ে বহুত মিছা কাহিনী সত্য বুলি এচামে প্ৰচাৰ কৰে আৰু এচামে তাকে সত্য বুলি ভাবি শ্বেয়াৰ কৰি বিষবাষ্প বিয়পোৱাত সহায় কৰে। সমাজত আছেই এনে এচাম মানুহ(!) যিয়ে সমাজখনক কেনেকৈ বিপথে পৰিচালিত কৰিব পাৰি, কেনেকৈ ভাতৃঘাতী সংঘৰ্ষ বৃদ্ধি কৰিব পাৰি, নানা উদ্বেগজনক বাতৰি বিয়পাই দি কেনেকৈ সমাজখনক অস্থিৰ কৰি ৰাখিব পাৰি তাৰ চিন্তাতে থাকে আৰু হাতে কামেও লাগে। গতিকে আপুনি তেনে অপকৰ্মত সাৰপানী যোগোৱাৰ পৰা বিৰত থাকক। ছ’চিয়েল মিডিয়াত কিবা এটা শ্বেয়াৰ কৰাৰ আগত হাজাৰবাৰ চিন্তা কৰক, প্ৰকৃত সত্য কি তাৰ তদন্ত কৰক তাৰপাছতহে সহজতে উপলব্ধ শ্বেয়াৰ অপশ্যনটো ক্লিক কৰক। আপোনাৰ এটা ক্লিকটো খাণ্ডৱ দাহ হ’ব পাৰে... গতিকে সাৱধান...।

 


বাতৰিটো পঢ়ি কেনে পালে কমেণ্টত জনাবলৈ নাপাহৰিব। আপোনাৰ বন্ধু-বৰ্গয়ো যাতে পঢ়িব পাৰে তাৰ বাবে Share কৰক। স্বতন্ত্ৰ আৰু মুক্ত হৈ থাকিবলৈ আমাক প্ৰয়োজন আপোনাৰ সহায়ৰ। আমাক সহায় কৰিবলৈ Click কৰক ► Support Us