গুৱাহাটী/শালবাৰীঃ সমগ্ৰ দেশৰ লগতে অসমতো ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে কৰ’নাই। বৃহস্পতিবাৰে এটা দিনতে ৮ জনকৈ লোকৰ দেহত ধৰা পৰে পজিটিভ। শুকুৰবাৰেও কৰ’নাত নতুনকৈ আক্ৰান্ত হয় ৩ জনকৈ লোক। বৃহস্পতিবাৰে পজিটিভ ধৰা পৰা ৮ জনৰ ৪ জনেই হৈছে দীৰ্ঘদিন ধৰি সংক্ৰমণৰ পৰা বাছি থকা গুৱাহাটী মহানগৰীৰ। ইয়াৰে এগৰাকীৰ ইতিমধ্যে মৃত্যু ঘটিছে। 

দিপীকা নাথ নামৰ ১৬ বছৰীয়া কিশোৰীগৰাকীৰ মৃত্যুৰ পিছতহে পোহৰলৈ আহিছে কৰ’নাত আক্ৰান্ত হোৱাৰ কথা। দিপীকাৰ মৃত্যুৰ লগে লগে ৰাজ্যত কৰ’নাত আক্ৰান্ত হৈ মৃত্যুমুখত পৰা লোকৰ সংখ্যা দুজনলৈ বৃদ্ধি পায়। মৃত্যুমুখত পৰাৰ পিছত দিপীকা নামৰ কিশোৰীগৰাকীৰ দেহত কৰ’না পজিটিভ ধৰা পৰাৰ পিছতে ৰাজ্যত এনেধৰণৰ আৰু অধিক ঘটনা গম নোপোৱাকৈয়ে ৰৈ যোৱাৰ সম্ভাৱনা অধিক হৈ পৰিছে।

এনে সম্ভাৱনাৰ মাজতে এক ভয়লগা ঘটনা সংঘটিত হৈছে বাক্সা জিলাত। বিটিএডিৰ অন্তৰ্গত জিলাখনৰ শালবাৰীত এজন দুখীয়া লোক হোম কোৱাৰেণ্টাইন হৈ থকা অৱস্থাত চিকিৎসা নোপোৱাকৈয়ে মৃত্যুক আকোৱালি ল’বলগীয়া হোৱাৰ অভিযোগ উত্থাপিত হৈছে। এই অভিযোগৰ সত্যাসত্য জানিবলৈ NNOৰ তৰফৰ পৰা যোগাযোগ কৰা হৈছিল অঞ্চলটোৰ বিভিন্ন পক্ষৰ সৈতে।

বৰপেটা-ধুবুৰী পথত চলা বাছৰ কৰ্মচাৰী শংকৰৰ কাহিনী

বিটিএডিৰ বাক্সা জিলাৰ শালবাৰীৰ আনন্দ বজাৰৰ মাজেৰে বৈ গৈছে এখন নৈ। নাম পল্লা। এই পল্লা নৈৰ পাৰতে ঘৰ ৪৬ বছৰীয়া শংকৰ বৰ্মনৰ। লকডাউন আৰম্ভ হোৱাৰ সময়ত ধুবুৰীত আছিল শংকৰ। ধুবুৰীৰ পৰা এখন গাড়ীত বৰপেটা আৰু তাৰ পিছত বৰপেটাৰ পৰা আন এখন গাড়ীৰে তেওঁ আনন্দবজাৰত উপস্থিত হয়৷ ওচৰ-চুবুৰীয়াই জনোৱা মতে, লকডাউন চলি থকাৰ সময়তে ৮ এপ্ৰিলত ঘৰত উপস্থিত হৈছিল শংকৰ৷ 

আনন্দবজাৰ হৈছে শংকৰ বৰ্মনৰ নিজ গাঁও৷ শংকৰ বৰ্মন বিবাহপাশত আৱদ্ধ হৈছিল যদিও পত্নী আন এজন পুৰুষৰ সৈতে পলাই গৈ নতুনকৈ সংসাৰ আৰম্ভ কৰিছে। ল’ৰা-ছোৱালী নথকা হেতুকে ঘৰলৈ শংকৰ খুব কমেইহে আহে। তাতে আকৌ পত্নী পৰপুৰুষলৈ যোৱাৰ বেথা আছেই। হ’লেও ঘৰ বুলি মাজে মাজে ভাতৃৰ পুত্ৰ-কন্যা অৰ্থাৎ ভতিজা-ভতিজীৰ খবৰ ল’বলৈ আহে শংকৰ।

আনন্দবজাৰত উপস্থিত হোৱাৰ সময়ত শাৰীৰিক অৱস্থা ভালেই আছিল শংকৰ বৰ্মনৰ। তিনিদিন পিছত জ্বৰ আৰু শুকান কাহে দেখা দিয়ে। স্থানীয় ৰাইজে কথাটো জানিব পাৰি ১০৪ যোগে প্ৰশাসনৰ সৈতে যোগাযোগ কৰে। স্থানীয় সাউদৰভিঠা ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয় কৰ্তৃপক্ষকো অৱগত কৰা হয়৷ সাউদৰভিঠা ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ৰ চিকিৎসকে শংকৰ বৰ্মনক সুকীয়াকৈ থকাৰ ব্যৱস্থা কৰিবলৈ পৰামৰ্শ আগবঢ়ায়।

চিকিৎসকৰ পৰামৰ্শ অনুযায়ী দৰিদ্ৰ লোকজনে সেইদিনাই অৰ্থাৎ ঘৰলৈ অহাৰ ৪ দিন পিছৰে পৰা আনন্দবজাৰৰ পল্লা নৈৰ কাষৰ এটা অব্যৱহৃত বেৰ নোহোৱা ঘৰত হোম কোৱাৰাণ্টাইন কৰা হয় শংকৰ বৰ্মনক। পৰিয়ালৰ লোকে শংকিত হৈ দূৰৰ পৰাই খোৱা-লোৱাৰ যোগান ধৰে৷ বিগত কেইবাদিনত হোৱা বতাহ-বৰষুণৰ সময়ত বেৰ নোহোৱা ঘৰটোতে কোৱাৰেণ্টাইন হৈ আছিল শংকৰ বৰ্মন৷ 

শংকৰ বৰ্মনক হোম কােৱাৰেণ্টাইন কৰাৰ সময়ত স্থানীয় আনন্দবজাৰ আৰক্ষী আৰু এগৰাকী চিকিৎসকসহ এটা দল উপস্থিত হৈছিল৷ আৰক্ষীৰ আৰু স্বাস্থ্য বিভাগৰ দলটোৱে হোম কোৱাৰাণ্টাইন কৰাৰ নিৰ্দেশ দি গুছি গৈছিল৷ দলটোৰ সৈতে স্থানীয় হিন্দু জাগৰণ মঞ্চৰ স্থানীয় নেতা উজ্বল বৰ্মনো উপস্থিত আছিল৷ হিন্দু জাগৰণ মঞ্চৰ স্থানীয় নেতা উজ্বল বৰ্মনৰ ঘৰ শংকৰৰ ঘৰৰ কাষতে। 

চিকিৎসাত অৱহেলাৰ অভিযোগ হিন্দু জাগৰণ মঞ্চৰ

শংকৰ বৰ্মন হোম কোৱাৰেণ্টাইন হৈ থকাৰ ১৮ দিনৰ ভিতৰত স্বাস্থ্যকৰ্মীৰ দল এদিনহে উপস্থিত হৈছিল৷ অন্য ৰোগৰ চিকিৎসা কৰা হোৱা নাছিল৷ কিন্তু স্বাস্থ্য বিভাগে কৰ’না পৰীক্ষা নকৰাৰ লগতে দৰৱ-পাতি দিয়াৰ ব্যৱস্থা কৰা নাই বুলি অভিযোগ উত্থাপন হৈছে৷

হিন্দু জাগৰণ মঞ্চৰ সভাপতি মণ্টু দাসে শংকৰ বৰ্মন উপযুক্ত চিকিৎসা নোপোৱা বুলি উত্থাপিত অভিযোগ সত্য বুলি NNOক জানিবলৈ দিয়ে৷ ইয়াৰ বাবে সাউদৰভিঠা চিকিৎসালয়ৰ জনৈক আহমেদ উপাধিৰ চিকিৎসকজনেই দায়ী বুলি দাবী কৰে মণ্টু দাসে৷ হিন্দু জাগৰণ মঞ্চৰ সভাপতিগৰাকীয়ে কয় যে যিহেতু আহমেদ উপাধিৰ চিকিৎসকজন সাউদৰভিঠা চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত চিকিৎসা বিষয়া সেয়ে উক্ত এলেকাত সংঘটিত ঘটনাৰ বাবে তেঁৱেই জগৰীয়া হ’ব লাগিব।

মণ্টু দাসে আৰু কয়, 'প্ৰথমে ১০৪ত ফোন কৰা হৈছিল৷ তাৰ পিছত বাক্সা জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা ১০৪ৰ গাড়ী আহিছিল৷ আৰক্ষী আৰু এগৰাকী চিকিৎসকসহ দলটোৱে শংকৰ বৰ্মনক তেওঁলোকৰ সৈতে যাবলৈ খাটনি ধৰিছিল৷ কিন্তু পিছৰ পৰ্যায়ত হোম কােৱাৰেণ্টাইন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে৷ ১৪ দিনৰ পিছত তেওঁক চিকিৎসালয়লৈ নিব খুজিছিল যদিও চিকিৎসকে নিবলৈ মানা কৰিছিল৷’

'চিকিৎসালয়লৈ নিলে মৰিব পাৰে বুলি কৈ ঘৰতে থাকিলেহে সুস্থ থাকিব বুলি কৈছিল চিকিৎসকে৷ চিকিৎসকে পৰিয়ালৰ লোকক সুৰক্ষিত হৈ থাকিবলৈ কৈছিল৷ শংকৰ বৰ্মন হোম কোৱাৰেণ্টাইন হোৱাৰ দুদিন পিছত পুনৰ স্বাস্থ্য বিভাগৰ লোক উপস্থিত হৈছিল৷’- পিছত পৰিয়ালৰ লোকে চিকিৎসকক ফোন কৰিলে আজি যাম কাইলৈ যাম বুলি কৈ আহিছিল বুলি অভিযোগ উত্থাপন কৰি এইদৰে কয় হিন্দু জাগৰণ মঞ্চৰ স্থানীয় নেতাজনে৷ 

'হোম কোৱাৰেণ্টাইনৰ ১৭ দিন পিছত তেওঁৰ মৃত্যু হয়৷ ঔষধ-পাতি একো নাপালে৷ প্ৰশাসনে তেওঁৰ খবৰো নললে৷ মূল হৈছে স্বাস্থ্য বিভাগ৷ প্ৰশাসনক দোষ দিব নাযাও যদিও স্বাস্থ্য বিভাগে কৰ্তব্যত হেলা কৰাৰ বাবে তেওঁৰ মৃত্যু হ’ল। তেওঁৰ যিয়ে বেমাৰ নাথাকক, কৰ’নাও হ’ব পাৰে। তেওঁলোকে চিকিৎসা কৰিব লাগিছিল৷ শংকৰ বৰ্মনৰ উপসৰ্গসমূহৰ কথা কোৱা হৈছিল৷ কিন্তু পৰীক্ষা নকৰিলে৷ একোৱেই নকৰিলে।’- ঘৰত থকাৰ ব্যৱস্থা নাই বুলি অৱগত হৈয়ো প্ৰশাসন আৰু স্বাস্থ্য বিভাগে কোৱাৰেণ্টাইনৰ কোনো চৰকাৰী ব্যৱস্থা কিয় নকৰিলে বুলি প্ৰশ্ন কৰি মণ্টু দাসে কয়।

মৃতদেহ সৎকাৰৰ পৰিৱৰ্তে ​পুতি থোৱাক লৈ বিতৰ্ক

স্থানীয় লোকসকলে জনোৱা মতে ৬ মে’ৰ আবেলি মৃত্যু হৈছিল শংকৰৰ৷ ৭ মে’ পৰ্যন্ত হোম কোৱাৰেণ্টাইন হোৱা ঠাইতে পৰি আছিল মৃতদেহটো৷ ওচৰ-চুবুৰীয়া আৰু পৰিয়ালৰ লোকে ওচৰলৈ যাবলৈ সাহস কৰা নাছিল৷ কিয়নো শংকৰ বৰ্মনৰ কৰ’নাৰ পৰীক্ষা কৰা হোৱা নাছিল৷ পৰিয়ালৰ লোকে দেহত কৰ’নাৰ উপসৰ্গ দেখা পাইছিল বাবে কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ আশংকাত কাষ চপা নাছিল মৃতদেহৰ। 

মৃত্যুৰ খবৰ দিয়াত ৭ মে’ৰ দুপৰীয়া নৈপৰীয়া ঘৰটোত উপস্থিত হৈছিল প্ৰশাসনৰ লোক। স্থানীয় লোকসকলে অভিযোগ কৰা মতে দণ্ডাধীশ প্ৰভাত পেগু, শালবাৰী মহকুমাৰ মহকুমাধিপতি নিত্য বিনোদ ওৱাৰী আৰু সাউদৰভিঠা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া ছাইফুদ্দিন আহমেদৰ উপস্থিতিত আৰক্ষীয়ে মৃতদেহটো জেচিবিৰে কঢ়িয়াই সৎকাৰৰ পৰিৱৰ্তে গাঁতত পুতি থয়। প্ৰশাসনে হোম কোৱাৰেণ্টাইন হৈ থকা ঘৰটোৰ পৰা মৃতদেহ উলিয়াই নি জেচিবিৰে গাত খান্দি পুতি থোৱা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

একাংশ সংবাদমাধ্যমত এই খবৰ প্ৰচাৰ হোৱাত ৮ মে’ত অৰ্থাৎ আজি বাক্সা জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক আনন্দ বজাৰত উপস্থিত হয়৷ জিলাখনৰ দুয়োগৰাকী শীৰ্ষ বিষয়াই শংকৰ বৰ্মন কৰ’নাত আক্ৰান্ত নাছিল বুলি ৰিপ’ৰ্ট দিয়ে৷ আনহাতে সৎকাৰ কৰিবৰ বাবে মৃতদেহ গাতৰ পৰা উলিয়াই দিব খোজে৷ এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি হিন্দু জাগৰণ মঞ্চৰ নেতা মণ্টু দাসে প্ৰথমদিনা ৰাইজৰ অনুমতি নোহোৱাকৈ প্ৰশাসনে সকলো কৰা বুলি অভিযোগ উত্থাপন কৰে৷ 

'আজি মৃতদেহৰ দুৰ্গন্ধ ওলাব পাৰে বুলি ৰাইজে সন্দেহ কৰিলে৷ হিন্দু ধৰ্মৰ নিয়ম মতে মাটিত পোতাৰ পিছত মৃতদেহ উঠালে প্ৰায়শ্চিত্ত হ’ব লাগে৷ সেই নিয়মৰ কাৰণে জনা-বুজা লোকসকলৰ সৈতে আলোচনা কৰি পুতি থোৱা মানুহ এজনৰ মৃতদেহ উঠাব নোৱাৰি বুলি জানিব পাৰি তেনে নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৰাইজে৷’-প্ৰশাসনৰ অৱহেলাৰ বাবেই মৃতদেহটো সৎকাৰ কৰিব পৰা নগ’ল বুলি অভিযোগ উত্থাপন কৰি এইদৰে কয় নেতাজনে। 

চিকিৎসকে কি কয়?

চিকিৎসাৰ অভাৱতেই দুৰ্ভগীয়া শংকৰ বৰ্মনে হোম কোৱাৰেণ্টাইনত থকা সময়ত মৃত্যু মুখত পৰিবলগীয়া হ’ল বুলি উত্থাপিত অভিযোগ সন্দৰ্ভত জানিবলৈ NNOৰ তৰফৰ পৰা যোগাযোগ কৰা হয় সাউদৰভিঠা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া ছাইফুদ্দিন আহমেদৰ সৈতে। শংকৰ বৰ্মনৰ মৃত্যুৰ কাৰণ আৰু মৃতদেহৰ অন্তোষ্টিক্ৰিয়াক লৈ হোৱা বিতৰ্কৰ বিষয়ে জানিব বিচৰাত হিন্দু জাগৰণ মঞ্চই কৰা অভিযোগক ভিত্তিহীন আখ্যা দিয়ে চিকিৎসকজনে।

'আমি বলপূৰ্বক মৃতদেহ পুতি থোৱা নাই। পৰিয়ালৰ লোকসকলৰ কথা মতেহে আমি শংকৰৰ মৃতদহেটো পুতি থৈছো। পৰিয়ালৰ লোকসকলক কি কৰা হ’ব বুলি সোধাত কয় যে তেওঁলোকৰ যিহেতু সৎকাৰ কৰিবলৈ টকা-পইছাৰ অভাৱ সেয়ে প্ৰশাসনৰ ফালৰ পৰাই পুতি থোৱাৰ ব্যৱস্থা কৰিব লাগে। আমি সেই মতেই কৰিছো। মই মুছলমান হোৱা বাবেই মৃতদেহটো পুতি থৈছো বুলি কৰা অভিযোগ হাস্যকৰ। মোৰ বিৰুদ্ধে তেওঁলোকে দীৰ্ঘদিন ধৰি লাগি আহিছে। সেইবাবেই এনেদৰে হোৱাই-নোহোৱাই কথাবোৰ কৈ আছে।’-চিকিৎসকজনে কয়।

চিকিৎসাৰ ক্ষেত্ৰতো যিমান সম্ভৱ সিমান চেষ্টা কৰা হৈছিল বুলিও দাবী কৰে স্বাস্থ্যকেন্দ্ৰটোৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে। 'ৰোগীজনক প্ৰথমে মই চোৱা নাছিলো। নিমুৱাৰ মোৰ ওচৰৰ হাস্পতালখনতহে তেওঁ দেখাইছিল। তাত চিকিৎসকে হোম-কোৱাৰেণ্টাইনৰ পৰামৰ্শ দিয়ে। আশা আৰু এএনমে খবৰ লৈ আমাক জনাই থাকে। যেতিয়াই জ্বৰ-কাহ আদি হোৱা বুলি খবৰ দিয়ে তেতিয়াই আমি সেই মতে ব্যৱস্থা লও। প্ৰথমদিনা কাহ হৈছিল। সেইখন চিকিৎসালয়ৰ চিকিৎসকে মোক কোৱা মতে ড্ৰাই কফ নাছিল, ৱেট কফ আছিল। এণ্টিবায়টিক আদি দি মোক জনালে। মই দণ্ডাধীশক অৱগত কৰি চৰকাৰী নিয়মখিনি কৰিলো।’-চিকিৎসক ছাইফুদ্দিন আহমেদৰ ভাষ্য। 

তেওঁ আৰু কয়, 'এপছৰ জৰিয়তে ফটো উঠাই ৰোগীৰ স্বাস্থ্যৰ বিষয়ে জনাই আছে আশা-এএনএমে। মানুহজনে খোজকাঢ়ি আছে, ভালেই অৱস্থা। এনেকৈ ৩০ দিন পাৰ হ’ল। কোৱাৰেণ্টাইনৰ নিয়মমতে ১৪ দিন থাকিব লাগে। সেয়া হৈ গ’ল। কোৱাৰেণ্টাইন শেষ হোৱাৰ পিছত নতুনকৈ অসুখৰ কোনো খবৰ আমাক দিয়া নাই। মানুহজনে কিন্তু অতিমাত্ৰা মদ্যপান কৰে। অৱশেষত ৬ তাৰিখে তাৰ মানুহে আমাক লোকজনৰ মৃত্যুৰ খবৰটো দিয়ে।’

'মৃত্যুৰ খবৰ পাই আমি ক’লো যে মৃতদেহটো জ্বলাই দিয়া ভাল। কিন্তু কোনো নাহিল। সকলোৱে কৰ’না হোৱা বুলি সন্দেহ কৰিলে। যেতিয়া ৬ তাৰিখে মৃতদেহটোৰ ওচৰলৈ যোৱা কোনো মানুহ নোলাল তেতিয়া আমি পিছদিনাখন পুৱাই গ’লো। পিপিই কিট নোহোৱাকৈ মৃতদেহটো চুবলৈ মোৰো সাহস নহ’ল। প্ৰশাসনে পিপিই কিট দিয়াত মই আৰু এজনৰ সৈতে মৃতদেহটোৰ কাষলৈ গ’লো আৰু ভালকৈ পেকিং কৰিলো। পৰিয়ালৰ মানুহে ক’লে যে টকা-পইছাৰ অভাৱ আছে গতিকে সৎকাৰ কৰাতো সম্ভৱ নহয়, সেয়ে ঘৰৰ কাষতে পুতি থব লাগে। আমি সেইমতেই কৰিলো।’-চিকিৎসাৰ সময়ত চিকিৎসকে ৰোগীৰ কোনো জাতি-ধৰ্ম বিচাৰ নকৰে বুলি উল্লেখ কৰি চিকিৎসকজনে কয়।

চিকিৎসক ছাইফুদ্দিনে আৰু কয় যে একাংশ স্থানীয় লোকে মৃত্যু হোৱা শংকৰ বৰ্মন এসময়ত খেতি-বাতিৰে যথেষ্ট চহকী লোক আছিল বুলি জানিবলৈ দিছে। কিন্তু মদ খাবৰ বাবেই শংকৰে মাটিবোৰ কম দামত বিক্ৰী কৰি দিয়াত ঘৈণীয়েক আনৰ লগত পলাই যায়। পত্নীয়ে অইনৰ সৈতে পলাই যোৱাত শংকৰে ধুবুৰীলৈ গৈ বাছ এখনৰ হেণ্ডিমেন হিচাপে কাম কৰিবলৈ লয়। লকডাউনত সকলো বন্ধ হৈ পৰাত বাছৰ মালিকে ঘৰলৈ পঠিয়াই দিয়াত উপায়বিহীন হৈ পুনৰ ধুবুৰীৰ পৰা আনন্দবজাৰ পাইছিল শংকৰ।

কৰ'নাত নহয়, পুষ্টিহীনতাত মৃত্যু হৈছিল শংকৰৰঃ ডাঃ ছাইফুদ্দিন

শংকৰৰ মৃত্যু ৰোগৰ বাবে নহয়, ভালদৰে খাবলৈ নোপোৱা বাবেহে হোৱা বুলিও দাবী কৰে চিকিৎসক ছাইফুদ্দিনে। 'মানুহজনৰ দেহত একোৱেই নাই। মদ খাই খাই সকলো শেষ হৈ গৈছে। হোম-কোৱাৰেণ্টাইনত থকা সময়ত ভালকৈ খাবলৈ নাপালে। আজি হিন্দু জাগৰণ মঞ্চই মোৰ বিৰুদ্ধে অভিযোগ আনিছে। মই চিকিৎসাৰ ব্যৱস্থা কৰিছো নে নাই সকলো ৰিপ’ৰ্ট ডিচিক জমা দিছো। মোৰ ধৰ্ম ইছলাম হোৱা বাবেই হিন্দু জাগৰণ মঞ্চই পক্ষপাতমূলকভাৱে মোক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। কিন্তু সেয়া নকৰি যদি তেওঁলোকে কোৱাৰেণ্টাইনত থকা সময়ত শংকৰ বৰ্মনক সহায় কৰিলেহেতেন তেন্তে আজি এনে হ’বলৈ নাপায়।’-চিকিৎসাৰ ক্ষেত্ৰত অৱহেলা কৰাৰ অভিযোগ খণ্ডন কৰি ক্ষোভেৰে কয় চিকিৎসক ছাইফুদ্দিনে।

কৰ’না ৰোগীৰ মৃতদেহ সৎকাৰ কৰা-নকৰাত চিকিৎসকৰ কোনো ভূমিকা নাথাকে বুলিও জনায় চিকিৎসকজনে। 'চিকিৎসকে মৃতদেহৰ সৎকাৰ কৰিব নে নকৰিব সেই সিদ্ধান্ত নলয়। মই গৈছিলো মৃতদেহটো পৰীক্ষা কৰিবলৈ। মোৰ লগত দণ্ডাধীশ আছিল। প্ৰশাসনৰ বাকী বিষয়াসকল আছিল। মৃতদেহ পৰীক্ষা কৰাৰ পিছত চিকিৎসক হিচাপে মোৰ দায়িত্ব শেষ। তাৰ পিছত জ্বলাই দিয়ে, পুতি থয় সেয়া পৰিয়াল আৰু প্ৰশাসনৰ কথা। পৰিয়ালৰ কথা মতে প্ৰশাসনে মৃতদেহটো তেওঁলোকৰ মাটিতে পুতি থলে। পিপিই কিট পৰ্যাপ্ত পৰিমাণে নথকাত মৃতদেহটো পুতি থোৱাত মই সহযোগ কৰিবলগীয়া হ’ল। সেই কথাটোকে এতিয়া একাংশই সাম্প্ৰদায়িক ৰূপ দিব বিচাৰিছে।’-যি অভিযোগ উত্থাপিত হৈছে সেয়া এজন চিকিৎসকৰ বাবে অপমানজনক বুলি উল্লেখ কৰি NNOৰ আগত এইদৰে জনায় ভাৰপ্ৰাপ্ত স্বাস্থ্য বিষয়াগৰাকীয়ে।

'মই আচৰিত হৈছো। পৃথিৱীখনত কি হৈছে আৰু মানুহবোৰে কি কৰি আছে! এনে সংকটকালতো মানুহে হিন্দু-মুছলমান কৰি আছে। মই মুছলমান হোৱা বাবেই হিন্দু জাগৰণ মঞ্চই সেই ঠাইৰ পৰা মোক বদলি কৰিবলৈ এনেদৰে দীৰ্ঘদিন ধৰি লাগি আহিছে। চিকিৎসক আৰু ৰোগীৰ ধৰ্ম বিচাৰ কৰা মানুহেৰে ভৰি থকা সমাজত আমি কৰিমেই বা কি? বৰ অসহায় অনুভৱ কৰিছো। মানসিকভাৱে ভাগি পৰিছো। ধৰ্মক মানুহে সদায় ঘৰৰ চাৰিবেৰত আৱদ্ধ কৰি ৰাখিব লাগে। তাকে নকৰি আমি এইবোৰ কৰি আছো। কৰ'নাই নহয়, এই হিন্দু-মুছলিমেহে আমাক নিঃশেষ কৰিব।'-হিন্দু জাগৰণ মঞ্চই সমগ্ৰ ঘটনাটোক সাম্প্ৰদায়িক ৰূপ দিব খোজা বুলি অভিযোগ উত্থাপন কৰি চিকিৎসক ছাইফুদ্দিনে কয়।