গুৱাহাটীঃ শীঘ্ৰে ছবিঘৰলৈ আহিবলগীয়া ‘এই মাটিতে‘ পূৰ্ণ দৈৰ্ঘ্যৰ অসমীয়া কথাছবিৰ আজি ট্ৰেইলাৰ মুকলি কৰা হয়৷ গুৱাহাটী প্ৰেছ ক্লাৱত কথাছবি খনৰ ট্ৰেইলাৰ মুকলি কৰে বিশিষ্ট পৰিচালক ড০ সীতানাথ লহকৰে৷ ট্ৰেইলাৰ মুকলি কৰি বিশিষ্ট পৰিচালক লহকৰে এই বোলছবিখনে অগ্ৰগতিৰ অন্য এটা ধাৰাৰ সৃষ্টি কৰিব বুলি কয়।
তিলতিলকৈ সমাজ এখনক নিঃশেষ কৰি পেলোৱা ডাইনী হত্যাৰ দৰে সামাজিক ব্যাধিৰ বিপৰীতে সামাজিক জাগৰণ অনাৰ প্ৰয়াস কৰা হৈছে ‘এই মাটিতে’ নামৰ বোলছবিখনত। অন্ধবিশ্বাস কু-সংস্কাৰে কেনেদৰে সমাজত অপৰাধৰ জন্ম দিয়ে তাক সুন্দৰভাৱে উপস্থাপন কৰা হৈছে বোলছবিখনত।