উৰিয়ামঘাঃ তেও সপোন দেখে পঢ়ি-শুনি ডাঙৰ মানুহ হোৱাৰ৷ দৰিদ্ৰতাক ওচৰৰে পৰা দেখা, দৰিদ্ৰ কি বুজি পোৱা কিশোৰীগৰাকীয়ে পঢ়ি-শুনি ডাঙৰ মানুহ হৈ দৰিদ্ৰ পিতৃ-মাতৃক পোহপাল দিব খোজে৷ দিনৰ দিনটো কপালৰ ঘাম মাটিত পেলাই শ্ৰম কৰি পিতৃয়ে তেওক পঢ়াই যদিও পিতৃৰ টকাৰে তেওঁৰ অভাৱ পুৰণ নহয়৷ অসহায় মেধাৱী কিশোৰীয়ে যাৰ বাবে হাহাকাৰ কৰিব লগা হয়৷
গোলাঘাট জিলাৰ বৰপথাৰৰ সবিতা গোৱালাই যেনেকৈ নহওঁক পঢ়িব খোজে৷ তাৰ মাজতে অামছুুৰ বৰপথাৰ অাঞ্চলিক সমিতিয়ে এই খবৰ লাভ কৰে৷ অামছুুৰ বৰপথাৰ আঞ্চলিক সমিতি আৰু ধনশিৰি সমিতিয়ে বৰপথাৰৰ অতি দৰিদ্ৰ মেধাৱী ছাত্ৰী সবিতা গোৱালাক এখন পঢ়া টেবুল, চকী, স্কুল বেগ, চ’লাৰ লাইট, ব্লেংকেট আৰু ৩০০১ টকা সাহায্য প্ৰদান কৰে।