গোৰেশ্বৰঃ প্ৰকৃতিৰ বিনন্দীয়া পৰিৱেশৰ মাজত আপোন পাহৰা হ’বলৈ হয়তো আপুনিও বিচাৰে। তথ্য আৰু প্ৰযুক্তি বিদ্যাৰ যুগত আপুনি হয়তো দিনৰ দিনটো যন্ত্ৰৰ দৰে কাম কৰিছে। নতুবা কংক্ৰিটৰ মহানগৰত আপুনি সেউজীয়া কি সেয়া পাহৰি পেলাইছে। তেন্তে আপুনি প্ৰকৃতিৰ ৰম্য ভূমি বগামাটিলৈ আহি প্ৰকৃতিৰ বিনন্দীয়া পৰিৱেশৰ মাজত আপোন পাহৰা হ’ব পাৰে। আপোনাক বগামাটিয়ে আপোনাক হাত বাউল দি মাতিছে। ভূটান পাহাৰৰ বুকু ফালি বৈ অহা নদী খনে আপোনাক আপোন পাহৰা কৰিব।
ওখ ওখ সেউজীয়া পাহাৰ-শুভ্ৰ শিল, গছবােৰে আপোনাক আপোন পাহৰা কৰিব। ক্ষন্তেকৰ বাবে হলেও আপুনি প্ৰকৃতিৰ সৈতে একাত্ম হ’ব পাৰিব। ভূটান পাহাৰৰ পৰা বৈ অহা বৰনদীৰ নিৰ্মল জলধাৰাৰ বাবে ভাৰত-ভূটান সীমান্তৰ বগামাটিয়ে পৰ্যটকৰ মন মুহিবলৈ সক্ষম হৈছে। পৰ্যটনস্থলী বগামাটিয়ে বিগত প্ৰায় দহটা বছৰে ৰাজ্যৰ লগতে দেশ-বিদেশৰ পৰ্যটকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ নৱবৰ্ষ আহি পোৱাৰ লগে লগে ন’-সাজেৰে পুনৰ পৰ্যটকৰ বাবে সাজু- হৈছে প্ৰকৃতিৰাণী বগামাটি।