কোকৰাঝাৰঃ হাজাৰ হাজাৰ লোকৰ চৰকাৰ বিৰোধি শ্ল’গানেৰে উত্তাল হৈ পৰিছে কোকৰাঝাৰ। অসমৰ চাওঁতাল, উৰাও, মুণ্ডা, গঁড়, খাৰিয়া, চাওঁৰা, কিচান, প্ৰজা, লহৰ আদি জনগোষ্ঠীক শীঘ্ৰে জনজাতিকৰণ কৰাৰ দাবীত ৰেল পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
আদিবাসী জাতীয় মহাসভাৰ উদ্যোগত মঙলবাৰে পুৱা ৬ বজাৰ পৰা ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা কোকৰাঝাৰত আহি সমবেত হোৱা হাজাৰ হাজাৰ লোকে কোকৰাঝাৰ ৰেলৱে ষ্টেছন ৰেল পথ অৱৰোধ কৰি উত্তৰ পূৱৰ সৈতে ৰেলৱে যোগাযোগ স্তব্ধ কৰি তোলে।