দেৰগাঁওঃ চাহ বাগিচাৰ মালিকৰ বৰ্বৰ আক্ৰমণৰ ঘটনাৰ চাঞ্চল্য আজিও অব্যাহত আছে ৰাজ্যত৷ চাহ শ্ৰমিকৰ শোষণ-বঞ্চনাৰ বিৰুদ্ধে গোলাঘাট জিলাৰ দেৰগাঁৱত শ্ৰমিকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷
শ্ৰমিকে ৰাজ্য চৰকাৰ তথা চাহ বাগিচাৰ মালিকৰ বিৰুদ্ধে শ্ল’গান দি উত্তাল কৰি তোলে ৰাজ পথ৷ বগীধলা চাহ বাগিচাৰ শ্ৰমিকক নিজৰ প্ৰাপ্য বিচাৰি যোৱাৰ সময়ত চাব বাগিচাৰ মালিকে ১২ জনকৈ শ্ৰমিকক গুলীয়াই অাহত কৰাৰ প্ৰতিবাদত সোমবাৰে গোলাঘাট জিলাৰ দেৰগাওঁৱ চাহ শ্ৰমিকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।