Home ৰাজ্যশিশু শ্ৰমিক আৰু বাল্যবিবাহ প্ৰথাৰ বিৰুদ্ধে কাম কৰিব আমছুৱে

শিশু শ্ৰমিক আৰু বাল্যবিবাহ প্ৰথাৰ বিৰুদ্ধে কাম কৰিব আমছুৱে

by News Desk
95 views
A+A-
Reset

নগাওঁঃ শিশু শ্ৰমিক আৰু বাল্যবিবাহ প্ৰথাক ৰোধ কৰাৰ ক্ষেত্ৰত কাম কৰি যাব আমছুৱে৷ সদৌ অসম সংখ্যালঘু ছাত্ৰ  ইউনিয়ন চমুকৈ ‘আমছু’ৰ নগাঁও জিলা সমিতিৰ অন্তৰ্গত পৰমাইভেটি আঞ্চলিক সমিতিখন সোমবাৰে গঠন কৰা হয়। এই মৰ্মে, অধ্যাপক মেহেৰুল ইছলামৰ পৌৰহিত্যত পৰমাইভেটি বানাত মাদ্ৰাছা প্ৰাংগনত অনুষ্ঠিত হোৱা সভাখনত সদৌ অসম সংখ্যালঘু ছাত্ৰ  ইউনিয়ন (আমছু )ৰ নগাঁও জিলা সমিতিৰ সভাপতি মোশ্বাৰফ হুছেইন কবিৰে মূখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি শিশু শ্ৰমিক আৰু বাল্য বিবাহ সন্দৰ্ভত বক্তব্য প্ৰদান কৰি কয় যে, সংখ্যালঘু সমাজখনক বিশেষভাৱে শিশু শ্ৰমিক আৰু বাল্যবিবাহ প্ৰথাই খুব বেয়া ধৰণে গ্ৰাস কৰিছে।

এই দুই  প্ৰথাক যেতিয়ালৈকে নিঃশেষ কৰিব পৰা নাযায় তেতিয়ালৈকে সমাজত উন্নয়ন সাধন সম্ভৱপৰ নহয়। সেয়ে শিশু শ্ৰমিক আৰু বাল্যবিবাহ প্ৰথা বন্ধ কৰাৰ বাবে সকলোকে ঐক্যবদ্ধ ভাৱে ওলাই আহিবলৈ আহ্বান জনাই জিলা সভাপতি গৰাকীয়ে৷ লগতে আমছুয়ে সদায়ে জাতিৰ স্বাৰ্থত কাম কৰি আহিছে বুলি মন্তব্য কৰি আমছুৰ নৱ গঠিত পৰমাইভেটি আঞ্চলিক সমিতিৰ বিষয়-ববীয়াক উক্ত অঞ্চলৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত ৰাইজক প্ৰতি নিয়ত সহায়ৰ হাত আগবঢ়াই যাবলৈ পৰামৰ্শ আগবঢ়ায়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0