লালুক/লখিমপুৰঃ নীপকো আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে লখিমপুৰত প্ৰতিবাদ অব্যাহত আছে৷ নীপকোৱে জলবিদ্যুৎ প্ৰকল্পৰ পৰা এৰা অতিৰিক্ত পানীয়ে জিলাখনৰ হেজাৰ হেজাৰ পৰিয়ালত গৃহহীন কৰিছিল৷ পলকতে উটুৱাই নিছিল ঘৰ-বাৰী৷ সমস্ত হেৰুৱাই জিলাখনৰ লোকসকলে হাহাকাৰ কৰিব লগা হৈছে৷
নীপকো তথা ৰাজ্য চৰকাৰে অসহায় লোকসকলক সাহায্য নিদিয়াৰ অভিযোগ উত্থাপন কৰি বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ সময়তে নীপকো আৰু এন এইচ পি চিৰ বিৰুদ্ধে আমছুৱে আজি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷