গুৱাহাটীঃ পুনৰবাৰ একত্ৰিত হ’ব অসমৰ জাতীয় সংগঠনসমূহ। ১৯৮৩ চনৰ অসম আন্দোলনৰ পিছত পুনৰবাৰ খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে একেলগে মাত মাতিব আছুকে ধৰি অসমৰ ২৯ টা জাতীয় সংগঠনে। অসমৰ কৃষ্টি-সংস্কৃতিক বিশ্বৰ দৰবাৰত "নমামী ব্ৰক্ষপুত মহোৎসব"ৰ জৰিয়তে প্ৰতিষ্ঠা কৰাৰ সময়তে কেন্দ্ৰীয় চৰকাৰৰ খিলঞ্জীয়া বিৰোধী পদক্ষপেৰ বিৰুদ্ধে ১ এপ্ৰিলত বিশাল গণসমাৱেশ।

লতাশিল খেলপথাৰত আছুকে ধৰি ২৯ টা জাতীয় সংগঠনে এক এপ্ৰিলত দিনৰ ১১ বজাত একলগ হৈ আয়োজন কৰিছে এক বিশাল সমাবেশৰ। কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ ৰ জৰিয়তে অসমৰ খিলঞ্জীয়াৰ অধিকাৰৰ ওপৰত হস্তক্ষেপ কৰিছিল।

১৯৭১ চনৰ পিছত অহা অবৈধ হিন্দু বাংলাদেশীক অসমত সংস্থাপনৰ প্ৰতিবাদ জনাব সংগঠনকেইটাই। জাতি-ধৰ্ম নিবিশেষে সকলো ব্যক্তি,অনুষ্ঠান-প্ৰতিষ্ঠানক নিজৰ নিজৰ বেনাৰ ফেষ্টুন লৈ বিশাল গণ-সমাবেশত অংশগ্ৰহণৰ বাবে আহ্বান জনাইছে কেউটা সংগঠনে।