101
বিহালীঃ বানাক্ৰান্ত কৃষকৰ বাবে বিহালীত আছুৱে পাৰিলে কঠিয়া৷ ৰাজ্যৰ কেইবাখনো জিলাত বানত কবলত পৰি কৃষকে ককবকাই থকাৰ সময়তে পাভৈ আঞ্চলিক ছাত্ৰ সন্থা আৰু অলকা গেছ এজেঞ্চিয়ে কৃষকক সহায় কৰাৰ বাবে ওলাই আহে৷
প্ৰায় চাৰিবিঘা মাটিত কঠিয়া সিঁচি কৃষকৰ মাজত বিতৰণ কৰিব ছাত্ৰ সংগঠনটোৱে৷ এই অনুযায়ী আজি পুৱা ১০ বজাত বিশ্বনাথ জিলাৰ উপায়ুক্ত আসিতক্ষ্য চক্ৰবৰ্তীয়ে কঠিয়া সিঁচি শুভাৰম্ভ কৰে কঠিয়া পৰা অনুষ্ঠানৰ৷