ডিজিটেল ডেস্কঃ হত্যাৰ ভাবুকি লাভ কৰিছে অভিনেত্ৰী আয়েশা টাকিয়াৰ স্বামীয়ে। লগতে অভিনেত্ৰী আয়েশাকো হিন্দু সেনা গোষ্ঠী নামৰ সংগঠন এটাৰ নাম লৈ গুলীৰে থকা-সৰকা কৰাৰ ভাবুকি প্ৰদান কৰিছে কোনো অজ্ঞাত দুৰ্বৃত্তই। অচিনাকি ফোন নম্বৰৰ পৰা দুয়ো লাভ কৰিছে এই ভাবুকি।

হত্যাৰ ভাবুকি প্ৰদান কৰাজনৰ দৃষ্টিত আয়েশাৰ স্বামীৰ অপৰাধ হৈছে মুছলমান হৈয়ো হিন্দু যুৱতীক বিয়া কৰোৱা। একেদৰে আয়েশাৰ অপৰাধ হৈছে হিন্দু হৈয়ো মুছলমান যুৱক এজনক স্বামী হিচাপে বৰণ কৰাতো।

এই সন্দৰ্ভত মুম্বাইৰ কোলাবা আৰক্ষী থানাত অভিযোগ দাখিল কৰিছে স্বামী ফাৰহান আজিমক সহিতে আয়েশাই। লগতে ফাৰহানে মুম্বাই আৰক্ষীৰ আয়ুক্তলৈ এখন পত্ৰও প্ৰেৰণ কৰিছে।

পত্ৰখনত আয়েশাৰ স্বামীয়ে উল্লেখ কৰিছে যে 'হিন্দু যুৱতীক বিয়া কৰোৱাৰ বাবে’ই তেওঁলোকৰ ওপৰত আক্ৰমণ চলোৱাৰ ভাবুকি দিছে হিন্দু সেনা গোষ্ঠী নামৰ এটা সংগঠনে। 

ইনষ্টাগ্ৰামত আৰক্ষী আয়ুক্তলৈ প্ৰেৰণ কৰা পত্ৰৰ প্ৰতিলিপি পোষ্টো কৰিছে আয়েশাৰ স্বামীয়ে। শীঘ্ৰে বিষয়টো সন্দৰ্ভত বিহিত ব্যৱস্থা গ্ৰহণৰো দাবী জনাইছে ফাৰহানে।

একেদৰে টুইটাৰ আৰু ফেচবুকত স্বামী আৰু পৰিয়ালৰ নিৰাপত্তাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে অভিনেত্ৰী আয়েশাই। উল্লেখ্য যে আয়েশাৰ স্বামী ফাৰহান সমাজবাদী পাৰ্টীৰ নেতা আবু আজমীৰৰ পুত্ৰ।