গুৱাহাটীঃ নাগৰিকত্ব আইন সংশোধন বিৰোধী মঞ্চৰ নেতৃত্বত প্ৰতিবাদ কৰি অহা ৰাজ্যৰ কেইবাগৰাকী বুদ্ধিজীৱী, সমাজকৰ্মী, প্ৰাক্তন সাংবাদিকে সোমবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃত্বৰে আলোচনাত বহে৷ মহানগৰীৰ উজানবজাৰস্থিত শ্বহীদ ন্যাসত কেইবাগৰাকী বুদ্ধিজীৱী তথা প্ৰাক্তন সাংবাদিক আৰু সমাজকৰ্মীৰ দলটোৰ সৈতে আছু নেতৃত্বই দীৰ্ঘ সময় বাংলাদেশৰ হিন্দু শৰণাৰ্থী অসমত সংস্থাপন আৰু নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত আলোচনা কৰে৷ 

দীৰ্ঘ সময়ৰ অন্তত অসমৰ বুদ্ধিজীৱীয়ে আছুৰ সৈতে আলোচনাত বহে৷ অসম আন্দোলনৰ সময়ৰ পিছৰে পৰা আছুৱে একাংশ বুদ্ধিজীৱীৰ পৰামৰ্শ গ্ৰহণ কৰা নাছিল৷ বিশেষকৈ ড০ হীৰেণ গোহাঁইৰ কাষ চপা নাছিল আছুৱে৷ অসম আন্দোলনত ঘোৰ বিৰোধী আৰু সময়ে সময়ে বাতৰি কাকতৰ জৰিয়তে আছুক যোগাত্মক সমালোচনা কৰি অহা ড০ হীৰেণ গোহাঁইয়ে দীৰ্ঘ সময়ৰ অন্তত আছু নেতৃত্বৰ সৈতে বহে তথা আছুৰ কাৰ্যালয়লৈ আহে৷ শ্বহীদ ন্যাসত ড০ হীৰেন গোঁহাই, উদয়াদিত্য ভৰালী, মনজিত মহন্ত কমল কুমাৰ মেধি উপস্থিত থাকে৷ 

বুদ্ধিজীৱীসকলে আছুৰে আলোচনা কালত অসমৰ সকলো দল সংগঠনক লৈ চৰকাৰৰ বিৰুদ্ধে মাৰবান্ধি দিয়াৰ বাবে আছুৰ সৈতে এক মতত উপনীত হয়৷ বাংলাদেশৰ হিন্দু শৰণাৰ্থী অসমত সংস্থাপন আৰু নাগৰিকত্ব সংশোধনী আইন কোনো কাৰণত মানি লোৱা নহ’ব বুলি কয় আছু আৰু বুদ্ধিজীৱীসকলে৷

কেন্দ্ৰীয় চৰকাৰে অসমত বিদেশী সংস্থাপন কৰিব বিচৰা কাৰ্যৰ বিৰোধিতা কৰাৰ লগতে যুটীয়া সংসদীয় সমিতিক অসমলৈ আহি অসমীয়াৰ মত গ্ৰহণ কৰাৰো দাবী জনায়৷ অসমীয়া জাতিৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা কাৰ্য মানি নোলোৱাৰ লগতে ঐক্যবদ্ধ সংগ্ৰামৰ পোষকতা কৰে৷ ৰাজ্যৰ কেইবাগৰাকী বিশিষ্ট বুদ্ধিজীৱী, জ্যেষ্ঠ নাগৰিকে অসমত বিদেশী সংস্থাপন কৰিব বিচৰা কাৰ্যৰ নেৰেনেপেৰা প্ৰতিবাদ অব্যাহত ৰাখিছে৷ অৱস্থান ধৰ্মঘট, নাগৰিক সভা অনুষ্ঠিত কৰি নাগৰিকত্ব আইন সংশোধন বিৰোধী মঞ্চৰ দ্বাৰা প্ৰতিবাদ সাব্যস্ত কৰি গৈছে৷

বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁই, উদায়দিত্য ভৰালী, ড০ দীনেশ বৈশ্য, ডা০ নৱনীল বৰুৱা, ইন্দিবৰ দেউৰী, নিৰুপমা বৰগোহাঁঞি, জ্যোতিপ্ৰসাদ শইকীয়া, আব্দুল মান্নান, প্ৰাক্তন সাংবাদিক হাইদৰ হুছেইন, মনজিৎ মহন্ত, যুৱ নেতা কমল কুমাৰ মেধি আদিয়ে প্ৰতিবাদ সাব্যস্ত কৰি গৈছে৷

বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁইকে ধৰি প্ৰায় খিনি বুদ্ধিজীৱীয়ে অসমৰ সকলো প্ৰকাৰৰ লোকৰ মত লবলৈ সংসদীয় যুটীয়া সমিতিক সাক্ষ্য লবলৈ দাবী জনাই আহিছে৷ কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব আইন সংশোধন কৰিব বিচৰাৰ পিছৰে পৰা ৰাজ্যৰ দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে৷ ৰাজ্যৰ জনগণৰ জনমত অগ্ৰাহ্য কৰি কেৱল ভোটৰ স্বাৰ্থত শাসকীয় দলটোৱে অসমৰ মাটিত বিদেশীক বহুৱাবলৈ কুচকাৱাজ চলাই গৈছে বুলি কয় বুদ্ধিজীৱীসকলে৷