Home গুৱাহাটীআছু নেতৃত্বৰে বহিল অসমৰ বুদ্ধিজীৱী, জাতিৰ অস্তিত্বৰ প্ৰতি ভাবুকি অহা কাৰ্য মানি নলয়

আছু নেতৃত্বৰে বহিল অসমৰ বুদ্ধিজীৱী, জাতিৰ অস্তিত্বৰ প্ৰতি ভাবুকি অহা কাৰ্য মানি নলয়

by News Desk
73 views
A+A-
Reset

গুৱাহাটীঃ নাগৰিকত্ব আইন সংশোধন বিৰোধী মঞ্চৰ নেতৃত্বত প্ৰতিবাদ কৰি অহা ৰাজ্যৰ কেইবাগৰাকী বুদ্ধিজীৱী, সমাজকৰ্মী, প্ৰাক্তন সাংবাদিকে সোমবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃত্বৰে আলোচনাত বহে৷ মহানগৰীৰ উজানবজাৰস্থিত শ্বহীদ ন্যাসত কেইবাগৰাকী বুদ্ধিজীৱী তথা প্ৰাক্তন সাংবাদিক আৰু সমাজকৰ্মীৰ দলটোৰ সৈতে আছু নেতৃত্বই দীৰ্ঘ সময় বাংলাদেশৰ হিন্দু শৰণাৰ্থী অসমত সংস্থাপন আৰু নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত আলোচনা কৰে৷ 

দীৰ্ঘ সময়ৰ অন্তত অসমৰ বুদ্ধিজীৱীয়ে আছুৰ সৈতে আলোচনাত বহে৷ অসম আন্দোলনৰ সময়ৰ পিছৰে পৰা আছুৱে একাংশ বুদ্ধিজীৱীৰ পৰামৰ্শ গ্ৰহণ কৰা নাছিল৷ বিশেষকৈ ড০ হীৰেণ গোহাঁইৰ কাষ চপা নাছিল আছুৱে৷ অসম আন্দোলনত ঘোৰ বিৰোধী আৰু সময়ে সময়ে বাতৰি কাকতৰ জৰিয়তে আছুক যোগাত্মক সমালোচনা কৰি অহা ড০ হীৰেণ গোহাঁইয়ে দীৰ্ঘ সময়ৰ অন্তত আছু নেতৃত্বৰ সৈতে বহে তথা আছুৰ কাৰ্যালয়লৈ আহে৷ শ্বহীদ ন্যাসত ড০ হীৰেন গোঁহাই, উদয়াদিত্য ভৰালী, মনজিত মহন্ত কমল কুমাৰ মেধি উপস্থিত থাকে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0