গুৱাহাটীঃ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত মঙলবাৰে ৰাজ্য জুৰি ৰাজ পথলৈ ওলাই আহিল ৰাইজ৷ আছুৰ বেনাৰৰ তলত সমবেত হৈ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে৷ ৰাজ্য চৰকাৰ খনে জনবিৰোধি নীতি অৱলম্বন কৰি কেবাটাও সিন্ধান্ত লোৱাত ৰাইজ ক্ষোভিত হৈ পৰে৷
অগপ, বিজেপি, বিপিএফ মিত্ৰ জোঁট চৰকাৰৰ বিৰুদ্ধে ৰাজ্যৰ দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে ৰাজ্যৰ অন্যতম জাতীয়তাবাদী সংগঠন সদৌ অসম ছাত্ৰ সন্থাই বিগত কেবাদিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে বিজেপি নেতৃত্বাধীন ৰাজ্য-কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে৷ মৌলিক সমস্যা সমাধানত ব্যৰ্থ চৰকাৰ খনে মাতৃ ভাষাৰ বিদ্যালয়সমূহ ধ্বংস কৰাৰ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱা বুলি অভিযোগ উত্থাপন কৰে সংগঠনটোৱে৷